অসম লাইভ২৪ঃ আপোনাৰ হাতত পুৰণি দুটকীয়া মুদ্ৰা আছে নেকি? ২টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই লাখপতি হ’ব পাৰিব আপুনি৷ মাত্ৰ ২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই লাভ কৰিব ৫ লাখকৈ টকা৷
কিন্তু পুৰণি মুদ্ৰাৰে কেনেকৈ লাভ কৰিব ধন? বহুতেই প্ৰশ্ন কৰে পুৰণি দুটকীয়াটোৰ বাবে কোনে ইমান ধন খৰচ কৰে৷ আচৰিত যেন লাগিলেও এয়াই সত্য, বহু মানুহৰেই পুৰণি মুদ্ৰা সংগ্ৰহ কৰাৰ চখ থাকে৷ বিভিন্ন দেশৰ প্ৰাচীন মুদ্ৰা সংগ্ৰহ কৰি ৰখাটো বহুতৰেই চখ৷ সেয়ে পুৰণি নোট বা মুদ্ৰা বহুসময়ত নিলামতো উঠে৷ পুৰণি মুদ্ৰা বিচাৰি বহুতেই বিজ্ঞাপনো দিয়ে৷
কিছু বছৰ পূৰ্বে ব্ৰিটিছ শাসন কালত ৰাণী ভিক্টোৰিয়াৰ এটকীয়া ৰূপৰ মুদ্ৰাৰ মুল্য আছিল ২লাখ টকা৷ ১৯১৮ চনত ১টকীয়া ব্ৰিটিছ মুদ্ৰাৰ মূল্য ৯ লাখ টকালৈ বৃ্দ্ধি পাইছিল৷ ই-কমাৰ্চ চাইট কুইক্ৰেই এই মুদ্ৰাবোৰ বিক্ৰী কৰে৷ এই মুদ্ৰাৰ চাহিদা বজাৰতো যথেষ্ট বেছি৷ আপোনাৰ হাতত থকা দুটকীয়া মুদ্ৰাটো কেনেকৈ বিক্ৰী কৰিব তাৰবাবেও আছে কেইবাটাও উপায়৷
আপোনাৰ হাতত যদি ২ টকীয়া মুদ্ৰা আছে তেন্তে Quikr advertising platform-ত অনলাইনযোগে বিক্ৰী কৰিব পাৰিব। এই ৱেবছাইটৰ ক্ৰেতাসকলে মুদ্ৰাটোৰ বাবে মূল্য দিয়ে৷ বৰ্তমান ১৯৯৮ চনৰ ২টকীয়া মুদ্ৰাটো বহু গ্ৰাহকেই বিচাৰি আছে যাৰ বাবে ইয়াৰ ভেল্যু বৃদ্ধি পাইছে৷
কুইক্ৰত ২ টকীয়া মুদ্ৰা বিক্ৰী কৰিবলৈ প্ৰথমে বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ পিছত মুদ্ৰাটোৰ ফটোত ক্লিক কৰি আপলোড কৰিব লাগিব। ফোন নম্বৰ আৰু ইমেইল ঠিকনা দিব লাগিব। এই তথ্যসমূহ ৱেবছাইটটোৱে পোনতে পৰীক্ষা কৰি তাৰ ওপৰত অনুমোদন দিব৷
এই ৱেবচাইটত দুটাকৈ বিকল্প আছে। এই মুদ্ৰা বিক্ৰী কৰিবলৈ ড্ৰপ-ডাউন মেনুৰ পৰা এটা অফাৰ কৰক নিৰ্বাচন কৰিব লাগে। আপুনি মুদ্ৰাটোৰ এখন ফটো তুলি ৱেবচাইটটোত আপলোড কৰিব লাগিব। ৱেবচাইটটোত দিয়া আপোনাৰ ফোন নংটোৰ জৰিয়তে ক্ৰেতাই আপোনাৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ