আৰু মাত্ৰ ২মাহ বাকী৷ সন্মুখত নতুন বছৰ ২০২৬চন৷ আগন্তুক বছৰত কিছু গ্ৰহ নক্ষত্ৰৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন হ’ব পাৰে৷ আৰু সেই কাৰণেই তিনি ৰাশিৰ বাবে আগন্তুক ২০২৬চন অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ হ’ব পাৰে৷ বিশেষকৈ শনি গ্ৰহই ২০২৬ বছৰত ডাঙৰ প্ৰভাৱ পেলাব৷ শনিয়ে ২০২৬ চনৰ আৰম্ভণিতে বৰ্তমান অৱস্থানতেই থাকিব৷ জুলাই মাহ পৰ্যন্ত মাৰ্গী থাকিব শনি৷ শাস্ত্ৰ অনুসৰি শনি যেতিয়া মাৰ্গী অৱস্থাত থাকিব তেতিয়া পৰিশ্ৰম, ধৈৰ্য্য আৰু সৎ কৰ্মৰ ফল দিয়ে৷ ইয়াৰ ফলত মানুহৰ জীৱনলৈ স্থায়ী পৰিস্থিতি উভতি আহে৷
এই গ্ৰহ অৱস্থানৰ কাৰণে ৩টা ৰাশিৰ ওপৰত বিশেষভাৱে শনিদেৱৰ কৃপা থাকে৷ ২০২৬ চনত কোন তিনি ৰাশিৰ ওপৰত ইয়াৰ শুভ প্ৰভাৱ পৰিব পাৰে৷ জানি থওক এক নজৰত৷
কৰ্কট ৰাশি
২০২৬ চনত কৰ্কট ৰাশিৰ জাতকৰ ভাগ্যচক্ৰত কিছু পৰিবৰ্তন আহিব পাৰে৷
কি কি সলনি হ’ব?
দীৰ্ঘদিন ধৰি ৰৈ থকা কাম হঠাৎ কমপ্লিট হ’বলৈ আৰম্ভ কৰিব৷
অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ’ব৷
বিদেশযাত্ৰা বা বিদেশৰ পৰা চাকৰিৰ সুযোগ আহিব পাৰে৷
শ্বেয়াৰ মাৰ্কেট, ইনভেষ্টমেণ্ট আৰু সম্পত্তি সংক্ৰান্তিয় লাভৰ সম্ভাৱনা আছে৷
প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি আৰু আনন্দ বৃদ্ধি পাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ বাবে ২০২৬ চনত উন্নতি আৰু প্ৰসাৰ ঘটিব৷
কি কি সাল সলনি এক্সপেক্ট কৰিব পাৰে৷
ব্যৱসায়ত ডাঙৰ চুক্তি বা পাৰ্টনাৰচিপৰ সুযোগ আহিব পাৰে৷
কৰ্মক্ষেত্ৰত প্ৰমোছন বা নেতৃত্বৰ দায়িত্ব লাভৰ সম্ভাৱনা আছে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে ২০২৬ চনত পঢ়াশুনা, প্ৰতিযোগিতা আৰু কেৰিয়াৰত সাফল্যৰ যোগ তৈয়াৰ হব৷
কি কি সালসলনি আহিব পাৰে?
পৰীক্ষাত সাফল্যৰ সম্ভাৱনা আছে৷
নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই বছৰটো খুবেই শুভ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















