বহু মানুহৰ নিৰ্দিষ্ট কোনো খাদ্যৰ পৰা এলাৰ্জি হয়, কাৰোবাৰ এলাৰ্জি থাকে ধুলিত৷ কিন্তু নিজৰ বীৰ্যৰ পৰাই এলাৰ্জি এয়া কেনেধৰণৰ কথা? শুনিবলৈ আচৰিত লাগিলেও এনে এক বিৰল ৰোগত আক্ৰান্ত এগৰাকী যুৱকৰ কথা আন্তৰ্জাতিক সংবাদমাধ্যমত চৰ্চা হৈছে৷ যুৱকজন ইজৰাইলৰ৷ বিজ্ঞান পত্ৰিকা ‘আমেৰিকান জাৰ্নেল অফ কেছ ৰিপোৰ্টছ’ত প্ৰকাশিত হৈছে এই সমস্ত ঘটনাৰ বিস্তাৰিত বিৱৰণ৷
ৰিপৰ্টত প্ৰকাশ পাইছে যে ইজৰাইলৰ ২২ বছৰ বয়সীয়া এই যুৱকজন কিছুদিন পূৰ্বে ভৰ্তি হৈছিল হাফিয়াৰ কাৰমেল এণ্ড লিন মেডিকেল চেণ্টাৰত৷ প্রাথমিকভাৱে হাঁচি, চকুৰ পৰা পানী পৰি থকা, পেটত যন্ত্ৰণা আৰু ক্লান্তিৰ দৰে উপসৰ্গই দেখা দিছিল৷ চিকিৎসকে পোনতে ভাৱিছিল কোনো খাদ্যৰ পৰা এলাৰ্জি হৈছে৷ কিন্তু যুৱকৰ অতীতৰ কথা শুনি চকু কঁপালত উঠিছিল চিকিৎসকৰো৷ যুৱকজনে নিজেই জনাইছিল যে এই এলাৰ্জি তেওঁৰ সাধাৰণ এলাৰ্জি নহয়৷ ১৪ বছৰ বয়সত তেওঁ প্ৰথমবাৰ যেতিয়া স্বমেহন কৰিছিল তেতিয়াৰে পৰাই এই সমস্যাৰ সূত্ৰপাত৷ ইয়াৰপাছতেই যেতিয়াই তেওঁ সংগম কৰিছে তেতিয়াই তেওঁৰ এই সমস্যা হৈছে৷
ইয়াৰপাছতেই বিভিন্ন ধৰণৰ পৰীক্ষা কৰে চিকিৎসক দলে৷ তাতেই দেখা যায় যে যুৱকজনৰ নিজৰ বীৰ্যতেই এলাৰ্জি আছে৷ ৰিপৰ্টত কোৱা হৈছে, যুৱকৰ উপসৰ্গসমূহৰ মাজত আছে নাকৰ পৰা পানী পৰা, চকু ৰঙা হোৱা, কনজাংটিভাইটিছ, পেটৰ বিষ, পাতলা পায়খানা, প্ৰস্ৰাৱত যন্ত্ৰণা, ক্লান্তি, গাৰ বিষ, ব্ৰেইন ফগ অৰ্থাৎ ঠিকমতে চিন্তাভাৱনা কৰিব নোৱৰা, কথাকোৱাত অসুবিধা আদি৷ সাধাৰণতে বীৰ্যপাতৰ দুইৰ পৰা তিনি ঘণ্টা পাছৰে পৰা এই উপসৰ্গই দেখা দিবলৈ আৰম্ভ কৰে৷ এই উপসৰ্গ থাকে তিনি দিন পৰ্যন্ত৷
গৱেষণাপত্ৰত জনোৱা হৈছে যে বিজ্ঞানৰ ভাষাত এই অসুখৰ নাম ‘পোষ্ট অৰ্গেজমিক ইলনছ ছিনড্ৰোম বা পিওআইএছ৷ ৰোগবিধ খুবেই বিৰল৷ এই ৰোগ বৰ্তমান পৰ্যন্ত বিশ্বৰ মাত্ৰ ৫০০ জন ব্যক্তিৰ শৰীৰতহে পোৱা গৈছে৷ যুৱকক সুস্থ কৰিবলৈ বিভিন্ন ধৰণৰ এলাৰ্জি ৰোধক ঔষধৰ মিশ্ৰন ব্যৱহাৰ কৰি এক বিশেষ চিকিৎসাপদ্ধতি প্ৰয়োগৰ পৰিকল্পনা কৰিছে চিকিৎসকে৷ সাত মাহ ধৰি এই চিকিৎসা কৰিব লাগিব যুৱকজনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ