ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত
ইৰাণত সংঘটিত হৈছে এক অতিকে শোকাৱহ ঘটনা। এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈ প্ৰাণ হেৰুৱালে ২৫ গৰাকী লোকে। লগতে ৭৫০ লোক আহত বুলি জানিব পৰা গৈছে। ইয়াৰে অধিক সংখ্যকৰে অৱস্থা সংকটজনক। যাৰ ফলত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।
এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে দক্ষিণ ইৰাণৰ আব্বাছ শ্বাহিদ ৰজাই জাহাজ বন্দৰত। সেই জাহাজ বন্দৰত সংঘটিত এক বৃহৎ বিস্ফোৰণত ঘটনাস্থলীতে ১৪ জন লোকৰ মৃত্যু হৈছিল, যি বৰ্তমানে ২৫ লৈ বৃদ্ধি পাইছে। কালি ২৬ এপ্ৰিল তাৰিখে সংঘটিত হৈছিল এই বিস্ফোৰণ।
বিস্ফোৰণৰ আঁৰৰ কাৰণৰ তদন্ত অব্যাহত আছে। ৰাসায়নিক পদাৰ্থৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হব পাৰে বুলি বিশ্বাস কৰা হৈছে। তথাপি বৰ্তমানলৈ ইয়াৰ কাৰণ স্পষ্ট হোৱা নাই। এই বন্দৰটো ইৰাণৰ সৰ্ববৃহৎ বাণিজ্যিক বন্দৰ আৰু ই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ জলদ্বীপৰ ওচৰত অৱস্থিত।
চৰকাৰী মুখপাত্ৰ এগৰাকীয়ে জনোৱা অনুসৰি, বিস্ফোৰণৰ কাৰণ নিৰ্ণয় কৰিবলৈ কিছু সময় লাগিব। কিন্তু এতিয়ালৈকে যিটো কথা প্ৰকাশ পাইছে সেয়া হ’ল বন্দৰটোৰ এটা চুকত ৰখা কন্টেইনাৰ, য’ত সম্ভৱতঃ বিস্ফোৰণৰ কাৰণ হোৱা ৰাসায়নিক পদাৰ্থ মজুত আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ