বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য’ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি
সমগ্ৰ বিশ্বতে অভিযান্ত্ৰিক শিক্ষা এক অতি সন্মানীয় আৰু প্ৰত্যাহ্বানমূলক ক্ষেত্ৰ হিচাপে গণ্য কৰা হয়। কিন্তু কিছুমান অভিযান্ত্ৰিক পাঠ্যক্ৰম ইমানেই কঠিন যে তাত নামভৰ্তি কৰাটো যিদৰে কঠিন, তেনেদৰে তাত পঢ়া-শুনা সম্পূৰ্ণ কৰাটোও যুদ্ধত জয়ী হোৱাতকৈ কম নহয়।
অৱশ্যে এই পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক লাখ-কোটি মূল্যৰ পেকেজ প্ৰদান কৰা হয়।
১/ মহাকাশ অভিযান্ত্ৰিক (Aerospace Engineering)
মহাকাশ অভিযান্ত্ৰিক অন্যতম কঠিন আৰু জটিল পাঠ্যক্ৰম।এই পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলে বিমান, মহাকাশযান আৰু মিছাইলৰ ডিজাইন আৰু নিৰ্মাণৰ সৈতে জড়িত সবিশেষ পঢ়িব লাগে। এই পাঠ্যক্ৰমত উচ্চ গণিত, পদাৰ্থ বিজ্ঞান আৰু কম্পিউটাৰ প্ৰগ্ৰেমিংৰ গভীৰ জ্ঞানৰ প্ৰয়োজন। আমেৰিকাৰ এম আই টি আৰু ভাৰতৰ আই আই টিৰ দৰে প্ৰতিষ্ঠান এই ক্ষেত্ৰত বিশ্ববিখ্যাত।
২) নেন’টেকন’লজি ইঞ্জিনিয়াৰিং (Nanotechnology Engineering)
নেন’টেকন’লজি ইঞ্জিনিয়াৰিং হৈছে মাইক্ৰ’ আৰু নেন’ পৰ্যায়ত কাম কৰা। এই ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নে ডাঙৰ ভূমিকা পালন কৰে। এই পাঠ্যক্ৰমটো কেৱল কঠিন নহয়, ইয়াৰ বাবে উদ্ভাৱন আৰু অতি আধুনিক কাৰিকৰী জ্ঞানৰো প্ৰয়োজন। বৰ্তমান সময়ত চিকিৎসা, ইলেক্ট্ৰনিকছ আৰু শক্তিৰ ক্ষেত্ৰত ইয়াৰ চাহিদা অধিক।
৩/ সামুদ্ৰিক অভিযান্ত্ৰিক (Marine Engineering)
সামুদ্ৰিক অভিযান্ত্ৰিক পাঠ্যক্ৰম সামুদ্ৰিক জাহাজ আৰু চাবমেৰিনৰ ডিজাইন, নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ সৈতে জড়িত। ইয়াত কাম কৰিবলৈ কাৰিকৰী জ্ঞানৰ লগতে শাৰীৰিক শক্তি আৰু মানসিক দৃঢ়তাও প্ৰয়োজন। এই পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলেও দীৰ্ঘ সময় সাগৰত থাকিবলৈ আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলৈও সাজু হব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ