অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰই কোৱা অনুসৰি ডিচেম্বৰৰ শেষ দিনটোৰ আছে বিশেষত্ব। ২৮ ডিচেম্বৰত বুধে নিজৰ স্থান সলনি কৰিব। বুধে শনিৰ ৰাশি মকৰত প্ৰৱেশ কৰিব। ইয়াৰ পাছতেই বুধে ৩১ ডিচেম্বৰত নিজৰ স্থানলৈ উভতি আহিব। বুধৰ এই স্থিতিয়ে কিছু ৰাশিৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। বহুকেইটা ৰাশিৰ ব্যক্তিয়েই বিশেষভাৱে লাভৱান হ’ব। সম্পদ লাভ কৰিবলৈকো সক্ষম হ’ব বহুকেইটা ৰাশিৰ লোক।
মেষ ৰাশি
বুধে স্থান সলনি কৰাত মেষ ৰাশিৰ লোকসকলে লাভৰ সন্মুখীন হ’ব। কৰ্মক্ষেত্ৰতো পদোন্নতিৰ যুগ। কাম আৰু সিদ্ধান্তত প্ৰশংসা লাভ কৰিব। ভাল সুযোগো লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰ সলনি কৰিলেও সফলতা লাভ কৰিব। পৰিয়ালৰ যত্ন ল’ব।
বৃষ ৰাশি
বুধৰ স্থান সলনিৰ লগে লগেই এই ৰাশিৰ ব্যক্তিৰ মনত ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। ভাগ্যই লগ দিব। কেৰিয়াৰত উন্নতিৰ হ’ব। কোনো নতুন চাকৰিত যোগদান কৰিব পাৰে। এটা চাকৰিৰ প্ৰস্তাৱ বিদেশী কোম্পানীৰ পৰা আহিব পাৰে। ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰিব। অকলশৰীয়া লোকে সঙ্গী বিচাৰি পাব।
কৰ্কট ৰাশি
বুধৰ স্থান পৰিবৰ্তনে কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বিবাহিত জীৱনত সুখ কঢ়িয়াই আনিব। যিসকলৰ বিবাহৰ কথা আলোচনা হৈ আছে তেওঁলোকৰ বিবাহ সুনিশ্চিত হ’ব। অংশীদাৰীত্বত কাম কৰা লোকসকলে সাৱধানে কাম কৰা উচিত। চৰকাৰী ক্ষেত্ৰত কাম কৰা লোকসকল লাভৱান হ’ব।
কন্যা ৰাশি
বুধৰ স্থান সলনিয়ে কন্যা ৰাশিৰ লোকসকলৰ জীৱনলৈকো সকলোক্ষেত্ৰতেই লাভ কঢ়িয়াই আনিব। নতুন কাম আৰম্ভ কৰিব পাৰে। নতুন কোনো প্ৰজেক্টত চহী কৰিব পাৰে। নতুন যি কামেই নকৰক কিয় লাভাম্বিত হ’ব। প্ৰেম বিবাহত সফলতা লাভ কৰিব। কোনো পৰীক্ষাত অবতীৰ্ণসকলেও ভাল ফলাফল লাভ কৰিব।
ধনু ৰাশি
বুধৰ স্থান সলনিৰ পাছতেই ধনু ৰাশিৰ লোকসকলে অপ্ৰত্যাশিত লাভালাভ পাব। উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। সম্পত্তি বাঢ়িব। নতুন ঘৰ বা প্লট কিনিব পাৰে। কথাৰ বলতেই কাম হ’ব। শিক্ষাৰ্থীসকলো এই সময়ত যথেষ্ট উপকৃত হ’ব।
মকৰ ৰাশি
বুধৰ স্থান সলনি মকৰ ৰাশিৰ লোকসকলৰ বাবে আশীৰ্বাদ। নতুন ব্যৱসায় আৰম্ভ কৰাৰ এইটোৱেই ভাল সময়। কৰ্মচাৰীসকলে লাভৰ সন্মুখীন হ’ব। শিশুৱে সুখ বৃদ্ধি। সন্মান বৃদ্ধি হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ