কাইলৈ ৩ জুলাই ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই কন্যা ৰাশি এৰি তুলা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহাৰৰ শুক্লা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব পৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব হস্ত নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱো৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ ৩ জুলাইত শিৱ যোগৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ নাৰায়ণৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখ আৰু প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনীয় সময়ত জীৱনসংগীক কাষত পাব মেষ ৰাশিৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা আগুৱাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















