পুনৰ গৌৰৱ, প্ৰধানমন্ত্ৰী মোদীলৈ ঘানাৰ সৰ্বোচ্চ সন্মান, লগতে ৪ ঐতিহাসিক চুক্তি
বুধবাৰ ২ জুলাই তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে ঘানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিম আফ্ৰিকাৰ দেশখনলৈ তেওঁৰ এই প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। আক্ৰাৰ কোটোকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰীক ভব্য আদৰণি জনোৱাৰ লগতে ২১ টোপেৰে চেল্যুট তথা বিশেষ সন্মান দিয়া হয়।
এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ দ্বিতীয় ৰাষ্ট্ৰীয় সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয়। ঘানাৰ ৰাষ্ট্ৰপতি জন মহামাই প্ৰধানমন্ত্ৰী মোডীক ‘অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ (The Officer of the Order of the Star of Ghan) সন্মানেৰে সন্মানিত কৰে।
ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় বঁটাৰ সংখ্যাই ২৪ ৰ ঘৰ অতিক্ৰম কৰিছে। এই মহান সন্মানেৰে সন্মানিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাক কৃতজ্ঞতা জ্ঞাপন কৰি দেশখনৰ ১.২৫ বিলিয়ন নাগৰিকক উৎসৰ্গা কৰে। এই সময়ছোৱাত ভাৰত আৰু ঘানাৰ মাজত দ্বিপাক্ষিক আলোচনাৰ অন্তত ৪টা গুৰুত্বপূৰ্ণ চুক্তিও স্বাক্ষৰিত হয়।
https://x.com/narendramodi/status/1940529345908674868
ভাৰত আৰু ঘানাৰ মাজত হোৱা ৪ খন গুৰুত্বপূৰ্ণ চুক্তি হৈছে-
১/ সাংস্কৃতিক বিনিময় কাৰ্যসূচী
কলা, সংগীত, নৃত্য, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সাংস্কৃতিক সহযোগিতা কাৰ্যসূচীৰ ওপৰত দুয়োখন দেশৰ সহমতত উপনীত হয়। এই চুক্তিৰ লক্ষ্য হৈছে পৰ্যটন আৰু সাংস্কৃতিক বুজাবুজিৰ প্ৰসাৰ।
২/ পৰম্পৰাগত চিকিৎসা বিজ্ঞানত সহযোগিতা
ঘানাৰ পৰম্পৰাগত আৰু বিকল্প চিকিৎসা প্ৰতিষ্ঠান আৰু ভাৰতৰ আয়ুৰ্বেদৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ মাজত পৰম্পৰাগত আৰু বিকল্প চিকিৎসা বিজ্ঞানৰ সহযোগিতাৰ বাবে এক চুক্তি স্বাক্ষৰিত হয়। এই অংশীদাৰিত্বই শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত কাম কৰিব।
৩/ প্ৰমাণীকৰণ সহযোগিতা
গুণগত মান, পৰীক্ষণ পদ্ধতি আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াত সহযোগিতাৰ বাবে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ) আৰু ঘানা ষ্টেণ্ডাৰ্ডছ অথৰিটিৰ মাজত এক বৃহৎ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত বাণিজ্যিক আদান-প্ৰদানৰ সুবিধাও হ’ব।
৪/ যৌথ আয়োগ গঠন
ভাৰত আৰু ঘানাই স্থায়ী যৌথ আয়োগ গঠনৰ সিদ্ধান্ত লৈছে। এই আয়োগে বৈদেশিক মন্ত্ৰালয় পৰ্যায়ত নিয়মীয়াকৈ দ্বিপাক্ষিক আলোচনা, অৰ্থনৈতিক পৰ্যালোচনা আৰু কৌশলগত সহযোগিতা নিশ্চিত কৰিব। নীতিগত বিষয়ত সমন্বয় আৰু উন্নয়নমূলক সহযোগিতা এই আয়োগৰ জৰিয়তে শক্তিশালী কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ