ছাত্ৰী নহয়, এইবাৰ ছাত্ৰৰ সৈতে ১টা বছৰে ধৰি শিক্ষয়ত্ৰীৰ কাণ্ড, অৱশেষত আৰক্ষীৰ জালত
ছাত্ৰীৰ সৈতে শিক্ষক নহয়, এইবাৰ শিক্ষয়ত্ৰী বাইদেউৰ নিৰ্লজ্জ কৰ্ম কাণ্ড। তাকো এদিন দুদিন নহয়, এটা বছৰে ধৰি ছাত্ৰৰ সৈতে জঘন্য কাণ্ড কৰি আহিছিল শিক্ষয়ত্ৰীয়ে। অৱশেষত পোহৰলৈ আহে সকলো। আৰক্ষীৰ জালত পৰে শিক্ষা বৃত্তিত কালিমা সনা শিক্ষয়ত্ৰী।
তাকো কোনো এলা পেছা বিদ্যালয় নহয়, ভাৰতৰ শীৰ্ষ ৫ ৰ ভিতৰত নাম থকা বিদ্যালয়ৰ শিক্ষয়ত্ৰীৰ এই কাণ্ডই এতিয়া চকু কঁপালত তুলিছে সমগ্ৰ ভাৰতৰে।
এই ঘটনা মুম্বাইৰ এক প্ৰতিষ্ঠিত বিদ্যালয়ৰ। যি বিদ্যালয়ত শিক্ষকতা কৰে মহিলাগৰাকীয়ে, লগতে ছাত্ৰ গৰাকীয়ো সেই একে বিদ্যালয়ৰে। বিগত এটা বছৰে ধৰি ছাত্ৰগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল শিক্ষয়ত্ৰীয়ে।
আনকি ৫ ষ্টাৰ তথা পঞ্চতাৰকা যুক্ত হোটেললৈও নি নিৰ্যাচন চলাইছিল। ভিডিঅ ৰেকৰ্ডিং কৰি লগতে পৰীক্ষাৰ ভয় দেখুৱাই ছাত্ৰগৰাকীক নিৰ্যাতন চলাই আহিছিল শিক্ষয়ত্ৰীয়ে। ভয়-ভাবুকিৰ বাবে নিৰৱে আছিল ছাত্ৰ। লগতে মানসিক ভাৱে বহু আঘাত পাইছিল ছাত্ৰই। কিন্তু এই ক্ষেত্ৰটো শিক্ষয়ত্ৰীয়ে ছাত্ৰক দিছিল এক বিশেষ ঔষধ।
অৱশেষত পোহৰলৈ আহে সকলো। যেতিয়া ছাত্ৰই শিক্ষয়ত্ৰীৰ ফোন -মেছেজৰ কোনো উত্তৰ নিদিয়ে তেতিয়া ঘৰৰ সহায়কক ছাত্ৰৰ কাষলৈ পঠিয়াই শিক্ষয়ত্ৰীয়ে মাতা বুলি।
কিন্তু ছাত্ৰৰ ধৈৰ্যৰ বান্ধ খোল খাই আৰু ভয়-ভাবুকিক পিছত থৈ পিতৃ-মাতৃৰ আগত অৱগত কৰে সকলো। লগে লগে পিতৃ-মাতৃ কাষ চাপে আৰক্ষীৰ।
আৰক্ষীয়েও গোচৰ লাভ কৰাৰ লগে লগে আটক কৰে অভিযুক্ত শিক্ষয়ত্ৰীক। পোক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি বৰ্তমানে আৰক্ষীৰ জিম্মাত শিক্ষয়ত্ৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ