বাহিৰত ভজা অথবা পেকেট খাদ্য খাই নেকি! তেন্তে সাৱধান, স্তন কেঞ্চাৰৰ কাৰক
কৰ্কট ৰোগ এবিধ মাৰাত্মক ৰোগ। ইয়াৰে ভিতৰত মহিলাৰ ক্ষেত্ৰত দেখা দিয়া স্তন কেন্সাৰ হৈছে এক অন্যতম। দেশৰ লগতে সমগ্ৰ বিশ্বতে বৰ্তমানে বৃদ্ধি পাইছে স্তন কৰ্কট ৰোগৰ ৰোগীৰ সংখ্যা। স্তন কেন্সাৰ সন্দৰ্ভত এক নতুন গৱেষণা কৰা হৈছে য’ত আচৰিত ধৰণে প্ৰকাশ পাইছে যে বাহিৰত ভজা অথবা পেকেটত থকা খাদ্য সামগ্ৰীৰ ফলত স্তনৰ কৰ্কট ৰোগ হব পাৰে। কাৰণ এনে ধৰণৰ খাদ্যত পোৱা গৈছে এক বিশেষ ৰাসায়নিক পদাৰ্থ, যিয়ে কেঞ্চাৰৰ কাৰক।
পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা ব্ৰাউন পেপাৰ আৰু পলিথিন পেকেটত প্ৰায় ২০০ বিধ ৰাসায়নিক পদাৰ্থ পোৱা গৈছে, ইয়াৰে ৭৬ বিধেই কেন্সাৰ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ।
ৰিচাৰ্চ ফ্ৰন্টিয়াৰ্ছ ইন টক্সিক’লজীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি মাৰাত্মক কাৰ্চিনোজেন খাদ্য সংস্পৰ্শ সামগ্ৰী আৰু প্লাষ্টিক (FCM) পোৱা গৈছে। এই অধ্যয়ন অনুসৰি কাগজ বা পলিথিনত পেক কৰা খাদ্য শৰীৰৰ বাবে ক্ষতিকাৰক আৰু কেন্সাৰ ৰোগ সৃষ্টি কৰাত সহায়ক।
আনহাতে বাহিৰত ভজা খাদ্যতো পোৱা যায় তেনে ধৰণৰ ৰাসায়নিক পদাৰ্থ, লগতে খাদ্য পৰিবেশন কৰা প্লেটতো পোৱা যায় বহুতো প্লাষ্টিকৰ কনা।
এই ৰাসায়নিক পদাৰ্থবোৰেই ওলাই আহি খাদ্যৰ লগত মিহলি হৈ আমাৰ শৰীৰত প্ৰৱেশ কৰে। আচলতে গৰম খাদ্য পেক কৰিলে এনে ৰাসায়নিক পদাৰ্থ তৎক্ষণাত পেকেটৰ পৰা ওলাই আৰু খাদ্যৰ ভিতৰলৈ যায় যিবোৰ মাৰাত্মক আৰু কাৰ্চিনোজেনিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ