মধ্য অসমৰ হোজাই জিলাৰ বানপানীয়ে ক্ৰমশঃ কালৰূপ ৰূপ ধাৰণ কৰিছে৷ এই প্ৰলয়ংকৰী বানৰ মাজতে এখন হাত নাও বুৰি জিলাখনৰ তিনিজনকৈ লোক সন্ধানহীন হোৱাৰ বাতৰি আহিছে৷
জানিব পৰা মতে শুকুৰবাৰে পুৱা জিলাখনৰ ইছলামপুৰ অঞ্চলৰ বান্যাক্ৰান্তক বান সাহায্য প্ৰদান কৰিবলৈ ২৪ জনীয়া এটা দলে হাত নাৱেৰে যাত্ৰা কৰিছিল৷
দলটোৱে হাত নাৱেৰে বানত ওফন্দি থকা কপিলী নদী পাৰ হ’বলৈ ধৰোতে নাওখন হঠাতে দুৰ্ঘটনাত পতিত হয়৷
লগতে পঢ়ক ‘হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া’ কিয় ক’লে অখিল গগৈয়ে?
দুৰ্ঘটনাটো পতিত হোৱাৰ পিছতে অসম আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে যুটীয়াভাৱে অভিযান চলাই নাওখনত থকা ২১ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈ যদিও তিনিগৰাকী লোক বাতৰি লিখি থকা পৰ্যন্ত সন্ধানহীন হৈ আছে৷
‘‘দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ পৰা ২১ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে৷ অৱশ্যে এতিয়াও নিতিগৰাকী লোক সন্ধানহীন হৈ আছে৷ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷’’ জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ