• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ পূৰ্ণ যৌৱনা হৈ উঠিব গুৱাহাটী! অন্য স্থানলৈ স্থানান্তৰণ হ’ব ৰাজ্যৰ ৰাজধানী!

আকৌ পূৰ্ণ যৌৱনা হৈ উঠিব গুৱাহাটী! অন্য স্থানলৈ স্থানান্তৰণ হ’ব ৰাজ্যৰ ৰাজধানী!

4 years ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

46 minutes ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

1 hour ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

4 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

5 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

6 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

19 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

19 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

20 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

আকৌ পূৰ্ণ যৌৱনা হৈ উঠিব গুৱাহাটী! অন্য স্থানলৈ স্থানান্তৰণ হ’ব ৰাজ্যৰ ৰাজধানী!

editor by editor
June 18, 2022
in অসম, ৰাজনীতি
0
আকৌ পূৰ্ণ যৌৱনা হৈ উঠিব গুৱাহাটী! অন্য স্থানলৈ স্থানান্তৰণ হ’ব ৰাজ্যৰ ৰাজধানী!
0
SHARES
140.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ যোৱা কিছুদিন ধৰি একেৰাহে হৈ থকা নেৰেনেপেৰা বৰষুণে গুৱাহাটীৰ বহু অঞ্চল জলমগ্ন কৰিছে৷ মহানগৰবাসীৰ দৈনন্দিন জীৱন ব্যাহত হৈ পৰিছে৷ যাতায়াত ব্যৱস্থাত জটিলতা আহিছে৷ অন্য অৰ্থত বৰষুণসৃষ্ট কৃত্ৰিম বানপানীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ তথা প্ৰৱেশদ্বাৰ হিচাপে পৰিচত গুৱাহাটীত আভিজ্যক যেন উপহাস কৰিছে৷ সেইবাবে গুৱাহাটী মহানগৰীৰ ভৱিষ্যতক লৈ নতুন চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ কিন্তু কি সেই চিন্তা-চৰ্চা?

ৰাজ্য চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি জনতা ভৱন আৰু অসম বিধানসভা সচিবালয় গুৱাহাটীৰ পৰা স্থানান্তৰিত হ’ব পাৰে৷ তাৰ পৰিৱৰ্তে চৰকাৰী পৰ্যায়ত ছিংগাপুৰৰ আৰ্হিত গুৱাহাটী মহানগৰী পৰ্যটনৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চিন্তা-চৰ্চা চলিছে৷ তাৰ লগে লগে দেশত গুৱাহাটীয়ে এক নতুন পৰিচয় লাভ কৰিব৷ সেউজ মহানগৰ হিচাপে পৰিচিত হ’ব গুৱাহাটী আৰু দেশৰ অন্যতম পৰ্যটন মহানগৰৰ মৰ্যাদাও লাভ কৰিব পাৰে৷ কিন্তু তাৰ লগে লগে উত্তৰ-পূব ভাৰতৰ অন্যতম মহানগৰখনে হেৰুৱাব আন এক পৰিচয়৷ সেই পৰিচয় হ’ল ৰাজধানীৰ পৰিচয়৷

 

লগতে পঢ়ক অগ্নিপথে অগ্নিকুণ্ডত পৰিণত কৰিছে দেশৰ ৰাজ্যসমূহ! নিজৰ স্থিতিত অটল চৰকাৰ

অৰ্থাৎ, গুৱাহাটীত নাথাকিব ৰাজ্য-প্ৰশাসনৰ হৃদপিণ্ড৷ সকলো চৰকাৰী কাৰ্যালয় স্থানান্তৰিত হ’ব নতুন এক স্থানলৈ৷ মহানগৰবাসীক ৰাজ্য চৰকাৰৰ এই পৰিকল্পনাই হয়তো কিছু সকাহ দিব পাৰে৷ আনহাতে, একে সময়তে গুৱাহাটী মহানগৰীৰ অন্য কিছু তথ্যও জানিব পৰা হৈছে৷ সেই অনুসৰি বৰ্তমান গুৱাহাটী মহানগৰীৰ ৪০ শতাংশতকৈও অধিক মাটি বহিৰাগত ব্যৱসায়ীৰ দখললৈ গৈছে৷ মূল ৰাজপথৰ আশে-পাশে গঢ় লৈ উঠা বহুমহলীয়া অট্টালিকাসমূহত স্থায়ী আবাসী হিচাপে থকাসকলৰো ৬০ শতাংশই অনাঅসমীয়া পৰিয়াল আৰু যদি এনে ধাৰা অব্যাহত থাকে তেন্তে আগন্তুক ২০ বছৰৰ ভিতৰত হয়তো গুৱাহাটী মহানগৰীৰ গৰিষ্ঠসংখ্যক ভূমিতে থলগিৰি অসমীয়াৰ অধিকাৰ নাথাকিব৷ সংস্কাৰকামী মুখ্যমন্ত্ৰী হিচাপে পৰিচিত ড০ হিমন্ত বিশ্ব শৰ্মাই হয়তো এইবোৰ দিশৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছে৷ সেই মতে যদি আগন্তুক ৫ বছৰৰ ভিতৰত গুৱাহাটীৰ পৰা ৰাজ্যৰ ৰাজধানী স্থানান্তৰিত হয়, তেন্তে কেতবোৰ জটিল সমস্যাৰ পৰা গুৱাহাটীবাসীয়ে কিছু হ’লেও সকাহ পাব৷ বিশেষকৈ যান-জঁট, বজাৰ-সমাৰ, কৃত্ৰিম বান আদিৰ পৰা গুৱাহাটীবাসীক মুক্ত কৰাটো সম্ভৱ হৈ উঠিব পাৰে৷

সূত্ৰৰ মতে ইতিমধ্যে ছিংগাপুৰৰ এক প্ৰতিষ্ঠানৰে ৰাজ্য চৰকাৰৰ বৈঠকো অনুষ্ঠিত হৈ গৈছে৷ ছিংগাপুৰৰ আৰ্হিত গুৱাহাটী মহানগৰী সৰ্বাংগসূন্দৰ কৰি তুলিবলৈও প্ৰস্তাৱ লোৱা হৈছে৷ অৱশ্যে, অসম চৰকাৰে আনুষ্ঠানিকভাৱে এতিয়াও এই তথ্য সদৰী কৰা নাই৷ কিন্তু তৎসত্ত্বেও খোদ ৰাজ্য চৰকাৰৰ শীৰ্ষ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি আগন্তুক সময়ত গুৱাহাটীৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ নাতিদূৰলৈ স্থানান্তিৰত হ’ব পাৰে ৰাজধানী৷ উত্তৰ গুৱাহাটীৰ আশে-পাশে ভূমিৰ জৰীপ কাৰ্যও আৰম্ভ হৈছে৷ যদি সেয়ে হয় তেন্তে গুৱাহাটীৰ সমীপৰ আন এখন বৃহৎ মহানগৰ গঢ়ি উঠাৰো পূৰ্ণ সম্ভাৱনা থাকিব৷

 

লগতে পঢ়ক ‘হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া’ কিয় ক’লে অখিল গগৈয়ে?

কৃত্ৰিম বান সম্পৰ্কীয় পৰ্যালোচনাত ৪০ বছৰ পূৰ্বৰ গুৱাহাটীৰ ভৌগোলিক পৰিৱেশো নিৰ্ণয় কৰি উলিওৱা হৈছে৷ সেই পৰিৱেশৰ তথ্য অনুসৰি গণেশগুৰিৰ পৰা হাতীগাঁও, জটিয়া, কাহিলিপাৰা, সৰুসজাই, বেতকুছি, বৰাগাঁও, গড়চুক আদি অঞ্চল বিস্তীৰ্ণ কৃষিভূমি হিচাপে পৰিচিত আছিল৷ নাৰেংগীৰ পৰা বৰবাৰী হৈ ছয়মাইললৈ এই সমগ্ৰ অঞ্চলটো কৃষিভূমি আছিল৷ ১৯৮৫ চন পৰ্যন্ত গুৱাহাটীৰ যিবোৰ অঞ্চল জলাশয় বা বিল হিচাপে পৰিচিত আছিল সেই অঞ্চলসমূহ বৰ্তমান আৱাসিক অথবা ব্যস্ত বাণিজ্যিক এলেকা হিচাপে পৰিচিত হৈছে৷ মহানগৰীৰ পাৰিপাৰ্শ্বিকতাতো আহিছে ভয়াৱহ পৰিৱৰ্তন আৰু সেই বাবে হয়তো ঐতিহাসিক এই মহানগৰীখনৰ প্ৰাচীন পৰিচয় সংৰক্ষিত কৰাৰ স্বাৰ্থতে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে নতুন চিন্তা-চৰ্চা৷ সেই চিন্তা-চৰ্চাই ৰাজধানী গুৱাহাটীৰ পৰা কাঢ়ি নিব বৰ্তমানৰ পৰিচয়৷ অৱশ্যে, অনাগত সময়ত হয়তো উত্তৰ-পূবৰ মহানগৰীখন অধিক চঞ্চলা আৰু সৌন্দৰ্যময় হৈ উঠিব৷ অন্য অৰ্থত যেন ‘গাভৰু গুৱাহাটী’ৰ বাবেহে চলিছে আয়োজন৷

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamdispurguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
Next Post
অভিভাৱকসকল সাৱধান হওক! ফুবিঙে ধ্বংস কৰিব আপোনাৰ সন্তানক!

অভিভাৱকসকল সাৱধান হওক! ফুবিঙে ধ্বংস কৰিব আপোনাৰ সন্তানক!

মাঙ্কি পক্স ৰোধৰ নতুন নিৰ্দেশনা! বিৰত থাকিব লাগিব যৌন সম্ভোগ আৰু হস্তমৈথুনৰ পৰা!

মাঙ্কি পক্স ৰোধৰ নতুন নিৰ্দেশনা! বিৰত থাকিব লাগিব যৌন সম্ভোগ আৰু হস্তমৈথুনৰ পৰা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.