• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অগ্নিপথে অগ্নিকুণ্ডত পৰিণত কৰিছে দেশৰ ৰাজ্যসমূহ! নিজৰ স্থিতিত অটল চৰকাৰ

অগ্নিপথে অগ্নিকুণ্ডত পৰিণত কৰিছে দেশৰ ৰাজ্যসমূহ! নিজৰ স্থিতিত অটল চৰকাৰ

4 years ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

7 minutes ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

54 minutes ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

1 hour ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

4 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

5 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

6 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

19 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

20 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অগ্নিপথে অগ্নিকুণ্ডত পৰিণত কৰিছে দেশৰ ৰাজ্যসমূহ! নিজৰ স্থিতিত অটল চৰকাৰ

editor by editor
June 18, 2022
in ভাৰত, ৰাজনীতি
0
অগ্নিপথে অগ্নিকুণ্ডত পৰিণত কৰিছে দেশৰ ৰাজ্যসমূহ! নিজৰ স্থিতিত অটল চৰকাৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ নতুন সামৰিক নিযুক্তি আঁচনি ‘অগ্নিপথ’ ঘোষণা কৰাৰ পিছতে সিখনৰ পিছত সিখন ৰাজ্যৰ পৰিস্থিতি অগ্নিকুণ্ডলৈ পৰিণত হোৱা দেখা গৈছে৷

নতুন সামৰিক নিযুক্তি আঁচনি ‘অগ্নিপথ’ ঘোষণা কৰাৰ পিছতে ইয়াৰ বিৰুদ্ধে প্ৰথমে বিহাৰত নিবনুৱাসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে৷ বিহাৰৰ উক্ত প্ৰতিবাদে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগতে ঠাইয়ে ঠাইয়ে হিংসাত্মক ৰূপ লোৱা দেখা যায়৷ বিশেষকৈ ৰাজ্যখনৰ কে’বাটাও ৰে’ল ষ্টেচন তথা ৰে’লত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰে৷

ইফালে এই প্ৰতিবাদে বিহাৰৰ পৰিসীমা অতিক্ৰম কৰি ক্ৰমে উত্তৰ প্ৰদেশ, হাৰিয়ানা, তেলংগানা, পঞ্জাৱ, মধ্যপ্ৰদেশ আদিকে ধৰি প্ৰায় ১৩ খন ৰাজ্যলৈ বিস্তাৰিত হৈছে৷ প্ৰতিবাদ সাব্যস্ত হোৱা প্ৰায়বোৰ ৰাজ্যতে প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱা দেখা গৈছে৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰী যুৱকসকলৰ ওপৰত দুমনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঠাই বিশেষে গুলীচালনা কৰাৰ খবৰো আহিছে৷

 

লগতে পঢ়ক টাটাই শ্বেয়াৰ মাৰ্কেটত দিব দ্বিগুণ লাভ, শীঘ্ৰেই ক্ৰয় কৰক টাটাৰ এই শ্বেয়াৰ

ইতিমধ্যে তেলেংগানাত আৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰী যুৱকৰ মৃত্যু হোৱা বুলি খবৰ আহিছে৷ ইফালে বিহাৰত প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ৰেণু দেৱীৰ ঘৰতো আক্ৰমণ কৰিছে৷ উত্তৰ প্ৰদেশত প্ৰতিবাদকাৰীয়ে বিজেপি নেতাৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ বাতৰিও আহিছে৷ শনিবাৰে বিহাৰত ২৪ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে অল ইণ্ডিয়া ষ্টুডেণ্ট এছ’চিয়েটেডে। এই মুহূৰ্তত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিহাৰ।

ইপিনে, সশস্ত্ৰ বাহিনীত নিযুক্তিৰ বাবে প্ৰৱৰ্তন কৰা ‘অগ্নিপথ’ আঁচনিৰ বিৰোধিতা কৰা যুৱক-যুৱতীসকলৰ সৈতে সংহতি প্ৰদৰ্শন কৰিবলৈ দেওবাৰে পুৱা কংগ্ৰেছৰ সাংসদ-নেতাসকলে ‘সত্যাগ্ৰহ’ অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। কিন্তু এই প্ৰতিবাদেও কেন্দ্ৰীয় চৰকাৰক উদ্বিগ্ন কৰা পৰিলক্ষিত হোৱা নাই৷

কাৰণ, অগ্নিপথৰ বিৰোধিতাৰে দেশৰ কে’বাখনো ৰাজ্যৰ পৰিস্থিতি অগ্নিগৰ্ভ হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ সম্পৰ্কে কিছুমান নীতি শীথিল কৰি ইয়াক কাৰ্যকৰী কৰাৰ কথাহে ঘোষণা কৰিছে৷ শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃহত সেনা বাহিনীৰ তিনিওটা বিভাগৰ মুৰব্বীৰে অনুষ্ঠিত বৈঠকৰ অন্তত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছত ‘অগ্নিবীৰ’ৰ বাবে ১০ শতাংশ সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লগতে অৰ্ধসামৰিক বাহিনী দুটাত নিযুক্তিৰ বাবে অগ্নিবীৰসকলক নিৰ্ধাৰিত বয়সৰ উচ্চ সীমাৰ আৰু তিনি বছৰৰ বয়স শিথিল কৰাৰ কথাও ঘোষণা কৰিছে৷

 

লগতে পঢ়ক KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে CAPF সমূহত ‘অগ্নিবীৰ’সকলক অগ্রাধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰাৰ কিছুদিন পিছতে এই ঘোষণা কৰা হৈছে৷ ইতিমধ্যে কেন্দ্ৰই নতুন সামৰিক নিযুক্তি আঁচনিৰ বাবে বয়সৰ সীমা ২১ বছৰৰ পৰা ২৩ লৈ ‘এককালীন’ পৰিৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। যোৱা দুবছৰত সেনাবাহিনীত কোনো নিযুক্তি হোৱা নাই বাবেই এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে।

উল্লেখ্য যে বৰ্তমান অৰ্ধসামৰিক বাহিনীৰ পাঁচটা উইং ক্ৰমে সীমান্ত সুৰক্ষা বাহিনী (BSF), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF), ভাৰত তিব্বত সীমান্ত আৰক্ষী (ITBP), শাস্ত্ৰ সীমা বাল (SSB) আৰু কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত (CISF)ত ৭৩,০০০ৰো অধিক পদ খালী হৈ আছে।

আনহাতে, কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ তথ্যই প্ৰকাশ কৰিছে যে CAPF আৰু Assam Rifles ত ৭৩,২১৯ টা পদ খালী হৈ আছে। তদুপৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনীতো খালী হৈ আছে ১৮,১২৪টা পদ।

 

লগতে পঢ়ক কপাল ফুলিব বেচেল’ৰ চলমান খানৰ! এইবাৰ ১০ নায়িকাৰে ৰোমাঞ্চ ভাইজানৰ!

ইফালে ইয়াৰ মাজতে খবৰ আহিছে যে কে’বাখনো ৰাজ্যত অব্যাহত থকা প্ৰতিবাদ তথা সংঘটিত হিংসাত্মক ঘটনাত ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ SIT তদন্তৰ দাবীত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে। তথ্য অনুসৰি অধিবক্তা বিশাল তিৱাৰীয়ে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছে। এই আবেদনত উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ সমিতি গঠন কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সেনাৰ ওপৰত আঁচনিখনৰ প্ৰভাৱ কেনেধৰণৰ হ’ব তাৰ তদন্ত কৰাৰো দাবী উত্থাপন কৰা হৈছে।

আনহাতে, শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনান সিঙৰে অনুষ্ঠিত বৈঠকৰ পিছতে এয়াৰ চীফ মাৰ্শ্বাল বিবেক ৰাম চৌধুৰীয়ে কয় যে অগ্নিপথৰ বিৰোধিতা কৰা যুৱকসকলে সঠিক তথ্য লাভ কৰি পৰিকল্পনা সম্পূৰ্ণৰূপে বুজিব ল’ব লাগে। স্থলসেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে এই আঁচনিখনে যুৱক-যুৱতীসকলক এক সুযোগ প্ৰদান কৰিব আৰু চলি থকা প্ৰতিৰোধে তেওঁলোকক অগ্নিপথক সঠিকভাৱে বুজাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে। নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে এই প্ৰতিবাদ আশা কৰা নাছিল বুলি উল্লেখ কৰি অগ্নিপথ পৰিকল্পনা ভাৰতীয় সেনাৰ মানৱ সম্পদ ব্যৱস্থাপনাৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন বুলিহে আখ্যা দিয়ে।

 

লগতে পঢ়ক হোটেলৰ সুন্দৰী মহিলা কৰ্মীৰ সৈতে যৌন সম্পৰ্ক! বিতৰ্কৰ সূত্ৰপাত অভিনেতা ছিদ্দিকীৰ

ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুৱক-যুৱতীসকলক নিযুক্তিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনায়, কাৰণ এই প্ৰক্ৰিয়া অতি শীঘ্ৰেই আৰম্ভ হ’ব। ভাৰতীয় বায়ুসেনাই ইতিমধ্যে ঘোষণা কৰিছিল যে অহা ২৪ জুনৰ পৰা নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া আৰম্ভ হ’ব। আনহাতে স্থল সেনাইও শীঘ্ৰেই অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিছে৷

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰু নৌ সেনা আৰু স্থল সেনা প্ৰধানসকলে এই হিংসাত্মক প্ৰতিবাদৰ মাজতো অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি কৰা ঘোষণাই দেশত ক্ৰমশঃ সম্প্ৰসাৰিত অগ্নিপথ বিৰোধী প্ৰতিবাদক অধিক জংগী আৰু হিংসাত্মক কৰি তুলিব বুলি ধাৰণা কৰা হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: agneepathagneepath protestasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHome Minister Amit Shahrajnath singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
Next Post
বন্যাক্ৰান্তক সাহায্য দিবলৈ গৈ অঘটন! কপিলীত হাত নাও বুৰি তিনিজন সন্ধানহীন

বন্যাক্ৰান্তক সাহায্য দিবলৈ গৈ অঘটন! কপিলীত হাত নাও বুৰি তিনিজন সন্ধানহীন

আকৌ পূৰ্ণ যৌৱনা হৈ উঠিব গুৱাহাটী! অন্য স্থানলৈ স্থানান্তৰণ হ’ব ৰাজ্যৰ ৰাজধানী!

আকৌ পূৰ্ণ যৌৱনা হৈ উঠিব গুৱাহাটী! অন্য স্থানলৈ স্থানান্তৰণ হ’ব ৰাজ্যৰ ৰাজধানী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.