হজ যাত্ৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অতি পৱিত্ৰ তীৰ্থযাত্ৰা৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ছৌদি আৰৱত হজ কৰিবলৈ যায়৷
কিন্তু এইবাৰ পৱিত্ৰ হজ কৰিবলৈ গৈ এইবাৰ বিপদত পৰিছে ৩০০ গৰাকীকৈ হজযাত্ৰী৷ ছৌদি আৰৱৰ প্ৰশাসনে ৩০০ গৰাকী হজযাত্ৰীক গ্ৰেপ্তাৰ কৰিছে৷
সংবাদ সংস্থা এ এফ পিৰ প্ৰকাশ কৰা অনুসৰি উক্ত ৩০০ গকাৰী হজযাত্ৰীয়ে যাৱতীয় অনুমতি নোলোৱাকৈ হজলৈ যোৱাৰ বাবেই ছৌদি প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে৷ ছৌদি আৰৱ কৰ্তৃপক্ষই অনুমতি নোলোৱাকৈ হজলৈ যোৱা উক্ত হজযাত্ৰীসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে ২ লাখ টকাকৈ জৰিমনাও বিহিছে৷
লগতে পঢ়ক আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?
হজৰ নিৰাপত্তাৰক্ষীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মহম্মদ আল বাছামীয়ে সংবাদ মেল সম্বোধন কৰি কয় যে হজৰ নিয়ম উলংঘা কৰাৰ বাবে প্ৰায় ২৮৮ গৰাকী সাধাৰণ নাগৰিক আৰু বাসিন্দাক গ্ৰেপ্তাৰ কৰা হৈছে৷
তেওঁ লগতে জনায় যে উক্ত গ্ৰেপ্তাৰ কৰা লোকসকলক ১০ হাজাৰ ছৌদি ৰিয়েল ভাৰতীয় মূল্যত ২ লাখ ১০ হাজাৰ ৬৩৩ টকা জৰিমনা বিহা হৈছে৷
বাছামীয়ে কয় যে অনুমতি অবিহনে মক্কাত প্ৰৱেশ কৰাৰ পিছত বৃহৎ সংখ্যক তীৰ্থযাত্ৰীৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। মক্কাৰ গ্ৰেণ্ড মছজিদৰ চাৰিওফালে এটা নিৰাপত্তাৰক্ষী কৰ্ডন নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে ৬৯ হাজাৰৰো অধিক বাহনত আপাততঃ প্ৰায় এক লাখ লোকৰ প্ৰৱেশ বন্ধ কৰা হৈছে।
লগতে পঢ়ক দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন
উল্লেখ্য যে চৌদি আৰবে এইবাৰ ১০ লাখ লোকক হাজ পৰিৱেশন কৰিবলৈ অনুমতি দিছে। কৰ’না মহামাৰীৰ বাবে ছৌদি আৰৱে দুবছৰৰ বাবে বিদেশীৰ হজ তীৰ্থযাত্ৰা নিষিদ্ধ কৰি ৰাখিছিল। এইবাৰ বিদেশৰ পৰা ৮ লাখ ৫০ হাজাৰ লোকক হজ যাত্ৰা কৰিবলৈ চৌদি প্ৰশাসনে অনুমতি দিছে।
এইবাৰ ইণ্ডোনেছিয়াৰ পৰা এক লাখ ৫১ গৰাকী, পাকিস্তানৰ পৰা ৮১ হাজাৰ ১৩২ গৰাকী, ভাৰতৰ পৰা ৭৯ হাজাৰ ২৩৭ গৰাকী আৰু বাংলাদেশৰ পৰা ৫৭ হাজাৰ ৫৮৫ গৰাকী হজযাত্ৰীয়ে হজলৈ গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ