আহমেদাবাদ ধাৰাবাহিক বো*মা বি*স্ফোৰণ গোচৰত গুজৰাট উচ্চ ন্যায়ালয়ে মঙলবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়ালয়ে দোষীসকলৰ আবেদন খাৰিজ কৰি নিম্ন আদালতৰ ৰায় বহাল ৰাখিছে। ফলস্বৰূপে, দোষীসকলৰ ওপৰত আৰোপ কৰা মৃ*ত্যুদণ্ড অব্যাহত থাকিব। উল্লেখ্য যে, ২০২২ চনত নিম্ন আদালতে এই গোচৰত ৩৮ জন দোষীক মৃ*ত্যুদণ্ড আৰু ১১ জনক আজীৱন কা*ৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ইয়াৰ বিৰুদ্ধে দোষীসকলে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আনহাতে, মৃ*ত্যুদণ্ডৰ অনুমোদন বিচাৰি ৰাজ্য চৰকাৰেও উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। বিগত কেইবামাহ ধৰি উচ্চ ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তি-বিতৰ্ক বিস্তৃতভাৱে শুনানি গ্ৰহণ কৰে। দোষীপক্ষই তদন্ত প্ৰক্ৰিয়া, প্ৰমাণ আৰু স্বীকাৰোক্তিৰ বিশ্বাসযোগ্যতা সম্পৰ্কে একাধিক প্ৰশ্ন উত্থাপন কৰিছিল। বিপৰীতে, ৰাজ্য চৰকাৰে নিম্ন আদালতৰ ৰায় বহাল ৰাখিবলৈ ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছিল। অৱশেষত উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ সিদ্ধান্ত বহাল ৰাখি দোষীসকলক কোনো সকাহ নিদিলে।
৫৬ জন নিৰীহ লোকৰ প্ৰাণ কা*ঢ়িছিল ধাৰাবাহিক বি*স্ফোৰণে
২০০৮ চনৰ ২৬ জুলাইত আহমেদাবাদত সংঘটিত এই ভয়ংকৰ ধাৰাবাহিক বো*মা বি*স্ফোৰণত ৫৬ জন নিৰীহ লোকৰ মৃ*ত্যু হৈছিল। মাত্ৰ ৪৫ মিনিটৰ ভিতৰত চহৰখনৰ বিভিন্ন স্থানত এটাৰ পিছত এটাকৈ মুঠ ২১টা বি*স্ফোৰণ সংঘটিত হৈছিল, যাৰ ফলত সমগ্ৰ আহমেদাবাদ আ*তংকিত হৈ পৰিছিল। সন্ত্ৰা*সবাদীয়ে নৰোদা, বাপু নগৰ, চৰখেজ আৰু হাটকেশ্বৰ আদি জনবহুল অঞ্চলক লক্ষ্য কৰি বো*মা সংস্থাপন কৰিছিল। ইয়াৰ উপৰিও চিকিৎসালয়, বাছ, ৰাজহুৱা স্থান আৰু বজাৰতো বি*স্ফোৰক ৰখা হৈছিল।
৩৮ জন দো*ষীক মৃ*ত্যুদণ্ড, ১১ জনক আজীৱন কা*ৰাদণ্ড
ঘটনাটোৰ ১৪ বছৰৰ পিছত, ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীত নিম্ন আদালতে ৩৮ জন দোষীক মৃ*ত্যুদণ্ড আৰু ১১ জনক আজীৱন কা*ৰাদণ্ডৰ শা*স্তি বিহে। আদালতে এই ঘটনাক “অত্যন্ত বিৰল” (Rarest of Rare) শ্ৰেণীৰ অ*পৰাধ বুলি অভিহিত কৰি মৃ*ত্যুদণ্ড উপযুক্ত বুলি মন্তব্য কৰিছিল। লগতে নি*হত আৰু আহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ নিৰ্দেশো দিছিল। ইয়াৰ পিছতে সকলো দোষীয়ে নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আইন অনুসৰি মৃ*ত্যুদণ্ড কাৰ্যকৰী কৰাৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ অনুমোদন বাধ্যতামূলক। সেইবাবেই ৰাজ্য চৰকাৰেও নিম্ন আদালতৰ ৰায় নিশ্চিত কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছিল। উচ্চ ন্যায়ালয়ে বিগত কেইবামাহ ধৰি দুয়োপক্ষৰ সকলো যুক্তি, প্ৰমাণ আৰু আইনী দিশ পৰ্যালোচনা কৰাৰ পিছত আজি ৰায় ঘোষণা কৰে। এই বহুচৰ্চিত গোচৰৰ ৰায়ক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ দৃষ্টি গুজৰাট উচ্চ ন্যায়ালয়ৰ ওপৰত নিবদ্ধ হৈ আছিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















