১৯৮৮ চনৰ ২৬ জানুৱাৰীত একে দিনাই জন্মগ্ৰহণ কৰা দুটি শিশুক চিকিৎসাকৰ্মীৰ গাফিলতিৰ ফলত ভুলকৈ পৃথক পৃথক পিতৃ-মাতৃৰ হাতত তুলি দিয়া হৈছিল। এই ভুলৰ ফলত দুয়োটা পৰিয়ালে নিজৰ প্ৰকৃত সন্তানৰ বিপৰীতে আনৰ সন্তানকে নিজৰ সন্তান বুলি সুদীৰ্ঘ ৩৮ বছৰে ভাবি আহিছিল। যিমান বিস্ময়কৰ এই ঘটনা সিমানে আকস্মিকভাৱে পোহৰলৈ আহে এই ঘটনাৰ আঁৰৰ প্ৰকৃত সত্য। ১৯৮৮চনত জন্মলাভ কৰা সেই শিশুটো আজি ৩৮ বছৰীয়া পূৰ্ণবয়স্কৰ যুৱক। এই যুৱকজনেই এজন বন্ধুৰ পেহীয়েকক এটা বিশেষ উৎসৱ উপলক্ষে ঘৰতে ব্যৱহাৰ কৰিব পৰা এটা DNA কিট উপহাৰ দিয়ে। ভতিজাকৰ বন্ধুৰ পৰা পেহীয়েকে পোৱা সেই DNA কিটৰ জৰিয়তে DNA পৰীক্ষা কৰাৰ সময়তে পোহৰলৈ আহে এই ঘটনা। পৰীক্ষাৰ ফলাফলত বন্ধুৰ পেহীয়েকৰ সৈতে যুৱকজনৰ DNA মিলি যোৱাৰ ফলতে প্ৰকৃত তথ্য পোহৰলৈ আহে। পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত পেহীয়েক আৰু ভতিজাৰ বন্ধু দুয়ো হতবাক হৈ পৰে। এই ঘটনা আমেৰিকাৰ নৰ্থ ডাকোটাত সংঘটিত হৈছে। নৰ্থ ডাকোটাৰ গ্ৰাফ্টনস্থিত ইউনিটি মেডিকেল চেণ্টাৰত প্ৰায় ৩৮ বছৰ পূৰ্বে জন্মৰ সময়তে দুটা নৱজাতক শিশুক ভুলবশতঃ সলনি কৰি দিয়া হৈছিল।
হাস্পতালৰ বিৰুদ্ধে গোচৰ দুয়োটা পৰিয়ালৰ
৩৮ বছৰ পূৰ্বে জন্ম হোৱা এই ভুক্তভোগী শিশু দুটিৰ নাম আছিল কাইল বাইলিন আৰু জেৰেমি মৰিছন। এই বিস্ময়কৰ ঘটনাৰ সত্যতা পোহৰলৈ অহাৰ পিছত দুয়োটা পৰিয়ালে হাস্পতালখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। আদালতত দাখিল কৰা আবেদনত উল্লেখ কৰা হৈছে যে কাইল বাইলিন আৰু জেৰেমি মৰিছনেই ১৯৮৮ চনত গ্ৰাফ্টনৰ ইউনিটি মেডিকেল চেণ্টাৰত জন্মগ্ৰহণ কৰা সেই দুজন শিশু, যাক ভুলবশতঃ সলনি কৰি পৃথক পৰিয়াললৈ পঠিয়াই দিয়া হৈছিল। কাইলৰ ওচৰত এতিয়াও হাস্পতালৰ সেই জন্ম-ব্ৰেচলেট সংৰক্ষিত আছে, য’ত তেওঁৰ নামো ভুলকৈ লিখা আছিল। ডি এন এ পৰীক্ষাৰ ফলাফলৰ পিছত দুয়োটা পৰিয়ালৰ জীৱনলৈ এক বৃহৎ পৰিবৰ্তন আহে। কাইলক ডাঙৰ-দীঘল কৰা পিতৃ এভেলিন নিউটনে কয়, “কাইল আজিও মোৰ সন্তান আৰু সদায় মোৰ সন্তান হৈয়েই থাকিব। কিন্তু মোৰ মনত গভীৰ বেদনাই খেদি ফুৰে যে মোৰ নিজৰ জৈৱিক সন্তানৰ সৈতে কটাবলগীয়া জীৱনটো মই হেৰুৱাই পেলালোঁ।”
হাস্পতালৰ দায়িত্ব স্বীকাৰ
ইফালে, ইউনিটি মেডিকেল চেণ্টাৰে শিশু সলনি হোৱা ঘটনাক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা নাই। হাস্পতাল কৰ্তৃপক্ষই জনায় যে ঘটনাটো কেনেকৈ সংঘটিত হৈছিল, সেয়া বুজিবলৈ চেষ্টা চলি আছে। অৱশ্যে, প্ৰায় চাৰি দশক অতিক্ৰম কৰাৰ ফলত সেই সময়ৰ চিকিৎসা নথি-পত্ৰ আৰু কৰ্মচাৰীৰ ৰেকৰ্ড অধিকাংশেই উপলব্ধ নহয়। লগতে, এই ভুলৰ বাবে চিকিৎসালয়ৰ প্ৰশাসন বা কৰ্মচাৰী দায়ী বুলি প্ৰমাণ কৰিব পৰা কোনো স্পষ্ট প্ৰমাণ তেওঁলোকৰ হাতত নাই বুলিও কৰ্তৃপক্ষই উল্লেখ কৰিছে। জেৰেমি মৰিছনে কয়, এই সত্য জানিলেও তেওঁ যি পৰিয়ালৰ মাজত ডাঙৰ-দীঘল হৈছে, তেওঁলোকেই তেওঁৰ প্ৰকৃত পৰিয়াল হৈ থাকিব। ইতিমধ্যে কাইল আৰু জেৰেমি দুয়ো নিজৰ জৈৱিক পিতৃ-মাতৃক সৈতে সাক্ষাৎ কৰিছে। কাইলৰ ভাষাত, সেই সাক্ষাৎবোৰ অত্যন্ত আৱেগিক, আন্তৰিক আৰু উষ্ণ আছিল, যদিও আৰম্ভণিতে কিছু অস্বস্তিও অনুভৱ হৈছিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















