অসম লাইভ২৪ঃ ৪এপ্ৰিল ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই সমগ্ৰ দিন ধৰি অৱস্থান কৰিব মকৰত। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ দশমী তিথি। ইয়াৰ ওপৰিও কাইলৈ বৃহস্পতিবাৰে থাকিব সিদ্ধি যোগ আৰু সাধ্য যোগ। ইয়াৰোপৰি কাইলৈৰ দিনটোত থাকিব শ্ৰাৱণ নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে।
জ্যোতিষ অনুসৰি বৃহস্পতিবাৰ হৈছে বিষ্ণুৰ প্ৰিয় দিন। এই দিনটোত নাৰায়ণৰ আৰাধনা কৰিলে তেঁওৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণত কাইলৈৰ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। কাইলৈ বৃহস্পতিবাৰে জ্যোতিষ গণনা অনুসৰি নাৰায়ণৰ আশীৰ্বাদ লাভ কৰিব পাঁচ ৰাশিৰ জাতকে।
বৃষ ৰাশি
কাইলৈ ৪এপ্ৰিলত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে। কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুয়োটাই বৃদ্ধি পাব। শত্ৰু আপোনাৰ ওচৰত পৰাস্ত হ’ব। সামাজিক জনসেৱামূলক কামৰ বাবেও কাইলৈ দিনটো শুভ। যিসকলে চাকৰিৰ বাবে চেষ্টা চলাইছে তেওঁলোকেও কোনো বন্ধুৰ সহায়ত চাকৰি লাভ কৰিব পাৰে। পৰিয়ালত সুখ শান্তিৰ পৰিবেশ বৰ্তি থাকিব।
কন্যা ৰাশি
কাইলৈৰ দিনটোত সিদ্ধি যোগৰ শুভ প্রভাৱত সৌভাগ্যময় হ’ব কন্যা ৰাশিৰ জাতকৰ বাবে। কাইলৈ আপুনি নিজৰ সকলো কামত সফল হ’ব। শত্ৰুৱে আপোনাৰ কামত বাধা তৈয়াৰৰ চেষ্টা কৰিব পাৰে। কিন্তু কন্যাৰ জাতকৰ বুদ্ধিত সেই চেষ্টা ব্যৰ্থ হ’ব। নিজৰ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব আপুনি। আইনী জটিলতাতো আপুনি জয়ী হ’ব।
তুলা ৰাশি
কাইলৈৰ দিনটো বিশেষভাৱে সৌভাগ্যপূৰ্ণ হ’ব তুলা ৰাশিৰ জাতকৰ। কাইলৈ কোনো অতিৰিক্ত সূত্ৰৰ পৰা আপুনি অৰ্থ লাভ কৰিব। চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হ’ব আপুনি। যিসমূহ বিষয়ত আপুনি বিগত সময়ত বাধা পাই আছিল সেই বাধা আঁতৰিব। তুলা ৰাশিৰ জাতকে আগন্তুক সময়ত শিক্ষাক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিব।
ধনু ৰাশি
শ্ৰাৱণ নক্ষত্ৰৰ প্ৰভাৱত কোনো সাফল্য লাভ কৰিব ধনু ৰাশিৰ জাতকে। কাইলৈ নিজৰ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বিপদ দূৰ হ’ব আপোনাৰ। কেৰিয়াৰত বৃহস্পতিবাৰে ডাঙৰ সাফল্য লাভৰ যোগ আছে। অতিৰিক্ত অৰ্থ লাভ কৰিব পাৰে। মানসিক চাপ আৰু অৱসাদ দূৰ হ’ব।
মকৰ ৰাশি
সিদ্ধি যোগৰ প্রভাৱত শুভ ফল লাভ কৰিব মকৰ ৰাশিৰ জাতকে। সমাজত কোনো বিশেষ স্থানত আপুনি সন্মান লাভ কৰিব। মকৰ ৰাশিৰ জাতকে সকলো সময়তে নিজৰ পৰিয়ালক কাষত পাব। কাইলৈ আপুনি যি কামতেই হাত দিয়ে সফলতা লাভ কৰিবই। কাইলৈ বিনিয়োগ কৰিলে লাভ হ’বই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ