আৰম্ভ হ’ব নতুন বছৰ ২০২৬৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৬ চন গ্ৰহৰ গোচৰৰ দিশৰ পৰা খুবেই তাৎপৰ্যপূৰ্ণ হ’ব৷ একাধিক গ্ৰহই গোচৰ কৰিব৷ ইয়াৰ মাজত দুই গ্ৰহ শনি আৰু শুক্ৰৰ অৱস্থান গুৰুত্বপূৰ্ণ৷ ২০২৬ চনৰ আৰম্ভণিতে শনি আৰু শুক্ৰৰ সংযোগ ঘটিব৷ এই দুই গ্ৰহ পৰস্পৰৰ বন্ধু৷ এই যোগৰ ফলত লাকী হ’ব ৪ ৰাশিৰ জাতক জাতিকা৷ সৌভাগ্যৰ অধিকাৰী হব কোন কোন? অপ্ৰত্যাশিত আৰ্থিক লাভ আৰু অগ্ৰগতিৰ সুযোগ কাৰ কাৰ?
বৃষ ৰাশি
২০২৬ চনত শনি আৰু শুক্ৰৰ যোগ খুবেই অনুকূল হ’ব৷ আয় বাঢ়িব৷ লাভৰ যোগ৷ আপোনাৰ আয় উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ এই সময়ত আয়ৰ নতুন উৎস মুকলি হব৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা৷ এই সময়ত আপুনি বিনিয়োগৰ পৰা লাভ দেখিব৷ যিসকলে চাকৰি কৰে তেওঁলোকৰ পদোন্নতি সম্ভৱ৷ দৰমহা বৃদ্ধিৰ সম্ভাৱনা৷ শত্ৰু আৰু প্ৰতিপক্ষৰ বিৰুদ্ধে বিজয়ী হব৷ এই গ্ৰহসমূহৰ যোগত বস্তুগত সুখ বাঢ়িব৷ নতুন ঘৰ বা বাহন ক্ৰয়ৰ সপোন পূৰণ হব পাৰে৷ সমাজত সন্মান বাঢ়িব৷
কৰ্কট ৰাশি
শনি আৰু শুক্ৰৰ বিৰল যোগ মিথুন ৰাশিৰ বাবে খুবেই শুভ হব ২০২৬ চন৷ এই যোগ আপোনাৰ ৰাশিৰ ভাগ্যৰ ঘৰত ঘটিব৷ ফলত ভাগ্যৰ সংগ পাব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত পদোন্নতি৷ ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা৷ ২০২৬ চনত শনি আৰু শুক্ৰৰ সংযোগত আপোনাৰ সকলো বাধা দূৰ হব৷ সাফল্য আহিব৷ এই সময়ত পৰিয়ালত শান্তি আৰু সুখ থাকিব৷ ভ্ৰমণলৈ যাব পাৰে৷
মিথুন ৰাশি
শুক্ৰ আৰু শনিৰ যোগ এই ৰাশিৰ জাকত জাতিকাৰ বাবে ইতিবাচক হব৷ এই সময়ত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ আপোনাৰ ভাল সময় আহিব৷ পৰিয়ালত সুখ থাকিব৷ ভ্ৰমণত লাভ হব৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব৷ সুসংবাদ পাব পাৰে৷
মীন ৰাশি
এই ৰাশিৰ বাবে শনি আৰু শুক্ৰৰ যোগ খুবেই ইতিবাচক হব৷ এই যোগত আপোনাৰ সন্মান বাঢ়িব৷ বাঢ়িব ব্যৱসায়৷ চাকৰিত নতুন সুযোগ তৈয়াৰ হব৷ বিবাহিত জীৱনত ভালপোৱা আৰু সুখ থাকিব৷ অবিবাহিতসকলৰ বিবাহৰ যোগ তৈয়াৰ হৈছে৷ এই সময়ত দীৰ্ঘ পৰিকল্পনাসমূহ সফল হব৷ নতুন চাকৰিৰ সন্ধান পাব৷ ৰৈ থকা কাম শেষ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















