জ্যোতিষশাস্ত্ৰ অনুসৰি কোনো ব্যক্তিৰ চৰিত্ৰ কেনে হ’ব সেয়া কোৱা হৈছে৷ সম্পৰ্কৰ ক্ষেত্ৰত কেনে, কামত কেনেকুৱা, ব্যক্তিৰ চৰিত্ৰ কেনেকুৱা সেয়াও কৈ দিয়া সম্ভৱ৷ ৰাশি ভেদে সেয়া ভিন্ন ভিন্ন হয়৷ আনকি কিছু ৰাশি আছে যিসকল মানসিক দিশৰ পৰা অত্যন্ত দৃঢ় হয়৷ বিপদৰ সময়তো মূৰ ঠাণ্ডা ৰাখি পৰিস্থিতি চম্ভালিব পাৰে তেওঁলোকে৷
মেষ ৰাশি
জ্যোতিষশাস্ত্ৰই কৈছে, মেষ ৰাশিৰ জাতকক চম্ভালি ৰখা বেছ কঠিন৷ এওঁলোকে যিকোনো পৰিস্থিতিৰ বাবে সদা প্ৰস্তুত থাকে৷ মানসিকভাৱে খুবেই শক্তিশালী৷ বিতৰ্ক আৰু প্ৰতিযোগিতাত তেওঁলোক পিছুৱাই নাথাকে৷ অন্যলোকে তেওঁলোকৰ সম্পৰ্কক লৈ কি ভাৱিছে সেই বিষয়ে পৰোৱাও নকৰে মেষৰ জাতকে৷ সহনশীলতাৰ অভাৱ আৰু হঠকাৰিতাৰ বাবে প্ৰায়েই বিপদতো পৰে তেওঁলোক৷
সিংহ ৰাশি
জ্যোতিষশাস্ত্ৰ মতে সিংহ ৰাশিৰ জাতকৰ ব্যক্তিত্ব বেছ আকৰ্ষণীয়৷ তেওঁলোক বেছ সহানুভূতিশীল হয়৷ সময়ৰ সৈতে আগুৱাই চিন্তাভাৱনা কৰাৰ ক্ষমতা ৰাখে৷ নিজৰ কথাৰে সহজে অন্যক প্ৰভাৱিত কৰিব পাৰে৷ বন্ধু আৰু সংগীৰ হিচাপত তেওঁলোক খুবেই ভৰষাৰ পাত্ৰ৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক দৃঢ় মানসিকতাৰ অধিকাৰী হয়৷ তেওঁলোক বহুমুখী ব্যক্তিত্বৰ অধিকাৰী৷ মন বিৰাটেই জটিল হয়৷ সেয়ে কি ভাৱিছে সেয়া বুজা খুবেই কঠিন৷ জীৱনৰ প্ৰতি দৃষ্টিভংগী অন্যতকৈ সম্পূৰ্ণ ভিন্ন৷ ব্যক্তি জীৱনত গোপনীয়তা আৰু ৰহস্যময় জীৱন তেওঁলোকে ভালপায়৷ তেওঁলোকৰ আত্মবিশ্বাসেই হৈছে সাফল্যৰ চাবিকাঠি৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতক চাৰিত্ৰিক দিশৰ পৰা অত্যন্ত কৌতূহলী হয়৷ নতুন বিষয় সম্পৰ্কে জানিবলৈ আগ্ৰহী৷ নিজৰ মতামত ভাৱনা সম্পৰ্কে তেওঁলোক সদায়ে সচেতন৷ কি কৰিব খোজে তাৰ স্পষ্ট ধাৰণা তেওঁলোকৰ থাকে৷ আৱেগতকৈ নীতি তেওঁলোকৰ বাবে বেছি গুৰুত্বপূৰ্ণ৷ তেওঁলোক কথাবাৰ্তাত পাৰদৰ্শী হয়৷ সহজে প্ৰভাৱিত নহয়৷ কঠিন পৰিস্থিতিত বিচলিত নহৈ নিজকে চম্ভালিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















