জীৱনৰ প্ৰতিটো মুহূৰ্ত খুবেই অনিশ্চিত৷ কেতিয়া কি, ক’ত, কেনেকৈ খৰচ কৰিব লাগে কোনোৱে নাজানে৷ সেয়ে আগতীয়াকৈয়ে ইমাৰ্জেন্সিৰ বাবে ফাণ্ড তৈয়াৰ কৰা খুবেই জৰুৰী৷ বিশেষজ্ঞৰ মতে সকলো মানুহৰেই এটা ইমাৰ্জেন্সি ফাণ্ড থকাটো দৰকাৰ৷ অন্যথা চাকৰি গলে, ঘৰত কোনোবা অসুস্থ হৈ পৰিলে বা অন্য কোনো কাৰণত হঠাৎ ধনৰ প্ৰয়োজনো হ’ব পাৰে৷ অন্যৰ পৰা ধন ধাৰে লোৱাৰ সলনি আপুনি সেই জৰুৰী সময়ত ইমাৰ্জেন্সি ফাণ্ড ব্যৱহাৰ কৰিব পাৰে৷
কেনেকৈ এই ইমাৰ্জেন্সি ফাণ্ড তৈয়াৰ কৰিব?
আপোনাৰ কিমান টকাৰ ইমাৰ্জেন্সি ফাণ্ড দৰকাৰ সেয়া নিজেই ঠিক কৰক৷ সেই লক্ষ্য লৈ প্ৰতিমাহে টকা জমা কৰিব৷ আৰু সেই টকা জমা কৰাৰ পাছত আপুনি উঠোৱাৰ চিন্তা নকৰিব৷ বহুতেই সেই ধন এবাৰ জমা কৰি অলপ প্ৰয়োজন হলেই উঠাই লয়৷ তেনে কৰিলে আপোনাৰ ইমাৰ্জেন্সি ফাণ্ড জমোৱাত অসুবিধা আহিব৷
এটা বেংক একাউণ্ট খুলক
আপুনি পোনতে এটা বেংক একাউণ্ট খুলিব লাগিব৷ এই একাউণ্টতেই ৰাখিব লাগিব ইমাৰ্জেন্সি ফাণ্ড৷ আৰু এই একাউণ্টত কোনোৱে হাত নিদিব৷ প্ৰয়োজনতহে এই ধন উঠাব৷
মিউছুৱেল ফাণ্ডতো ৰাখিব পাৰে
এই টকাৰ ওপৰত লাভ বিচাৰিলে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰক৷ নিয়মিত কৰিব পাৰে এছ আই পি৷ তাতেই আপুনি ধন জমা ৰাখিব৷ আজি আপোনাৰ যিমান টকাৰ ইমাৰ্জেন্সি ফাণ্ডৰ প্ৰয়োজন সেই প্ৰয়োজন বাঢ়িবও পাৰে৷ সেয়ে বছৰি এই জমা ধনৰ পৰিমাণ১০ শতাংশ হাৰত বঢ়াই যাব পাৰে৷ তেতিয়াহে ইমাৰ্জেন্সি ফাণ্ড তৈয়াৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















