অসম লাইভ২৪ঃ ভালপোৱাৰ কোনো স্বৰ্ত নাথাকে৷ আপুনি যাৰেই প্ৰেমত নপৰক কিয় তেওঁৰ বাবে সকলোখিনি কৰিবলৈকে প্ৰস্তুত৷ কিন্তু তাৰ মাজতো এনে কিছু কথা থাকে যিসমূহে একোটো সুখী প্ৰেমৰ সম্পৰ্কতো দূৰত্ব আনে৷ পুৰুষসকলৰ ক্ষেত্ৰত প্ৰায়েই এই সমস্যাই দেখা দিয়ে৷ প্ৰেয়সীক সন্তুষ্ট কৰোৱাটো বহুসময়ত পুৰুষৰ মুখ্য সমস্যা হৈ ধৰা দিয়ে৷ বহু সময়ত পুৰুষে নাৰীৰ মন পাবলৈ সক্ষম নহয়৷ ইয়াৰ কাৰণ অৱশ্যে পুৰুষসকলৰ নিজৰেই কিছু দূৰ্বলতা৷ মহিলাৰ মন কেনেকৈ পাব পুৰুষে জানি লওক কেইটামান টিপছ৷
দায়িত্ব ল’বলৈ শিকক
প্ৰায়সংখ্যক মহিলাই দায়িত্বশীল পুৰুষ বিচাৰে৷ পূৰ্ব যূগৰে পৰাই এই প্ৰথা এনেকৈয়ে চলি আহিছে৷ প্ৰায়সংখ্যক নাৰীৰ দৃষ্টিত তেওঁলোকৰ পিতৃয়েই এজন শ্ৰেষ্ঠ পুৰুষ৷ যিয়ে আজীৱন দায়িত্ব লৈ তুলি-তালি ডাঙৰ দীঘল কৰিছে৷ সেয়ে তেনে এজন দায়িত্বশীল পুৰুষকেই প্ৰেমিক অথৱা স্বামীৰ ঠাইত আশা কৰে প্ৰায়সংখ্যক মহিলাই৷ সেয়ে একোগৰাকী পুৰুষে নিজকে সেই দায়িত্বশীল পুৰুষ হিচাপে গঢ় দিব পাৰিলে এই সমস্যাৰ অন্ত পৰিব৷
বুদ্ধিমান পুৰুষ
বুদ্ধি থাকিলে পৃথিৱীখন জয় কৰা কোনো কঠিন কাম নহয়৷ এই কথা প্ৰায়সংখ্যক বিদ্বান পুৰুষেই তাহানিতে কৈ গৈছে৷ দেখা যায় যে বুদ্ধিমান মানুহক কাষত পোৱাৰ ইচ্ছা প্ৰায়সংখ্যক মানুহৰেই থাকে৷ সেয়ে পুৰুষসকলে নাৰীৰ কাষত এনে কিছু কাম কৰিব যি সমূহ কামে নাৰীগৰাকীৰ দৃষ্টিত পুৰুজন বুদ্ধিমান বুলি প্ৰমাণ কৰে৷
সততাই মূলধন
সততা কোনো পৰিস্থিতিতেই ত্যাগ কৰা উচিত নহয়৷ সততাই এগৰাকী মহিলাৰ মন জয় কৰাত সদায়ে সহায় কৰে৷ বৰ্তমানৰ যুগত সততাই বিপদতো পেলাই বুলি বহুসময়ত বহুতেই উল্লেখ কৰে৷ কিন্তু তাৰমাজতো সততা ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব লাগে৷ অন্যৰ আনন্দত সুখী হ’বলৈ শিকিব লাগে৷ আনৰ উন্নতিক কেতিয়াও হিংসা কৰিব নালাগে৷ নিজৰ জীৱনৰ উন্নতিও ভালধৰণে কৰিবলৈকে চেষ্টা কৰিব লাগে৷ এনে ব্যক্তি সদায়ে নাৰীৰ প্ৰিয় হয়৷ মহিলাসকলে দুৰ্লভ মানুহৰ সন্ধান প্ৰায় সময়তে কৰে৷
নাৰীক সন্মান কৰক
নাৰীক সন্মান কৰাৰ অভ্যাস গঢ়ি তোলক৷ বৰ্তমান নাৰীসকল স্বাধীনচেতীয়া হৈছে৷ আৰ্থিকভাৱেও নাৰী স্বাৱলম্বী হ’ব ধৰিছে৷ সেয়ে কোনো কাৰণতে নাৰীক দূৰ্বল বুলি ভাৱিব নালাগে৷ প্ৰত্যেকসময়তে একোগৰাকী নাৰীক সন্মান কৰিবলৈ শিকক৷ এনে পুৰুষৰ প্ৰতি নাৰী সদায়ে আকৰ্ষিত হয়েই৷
স্মাৰ্ট হ’বলৈ যত্ন কৰক
বাহ্যিক আৱৰণ কেনে হ’ব সেয়া এজন মানুহৰ হাতত নাথাকে৷ আপোনাৰ হাতত আছে ব্যক্তিত্ব গঠনৰ ক্ষমতা৷ সেয়ে নিজৰ ব্যক্তিত্বক সেয়ে ভালকৈ গঢ় দিয়ক৷ যাতে আপোনাৰ দেখা মাত্ৰকেই আপোনাৰ সন্মুখৰ ব্যক্তিজনে আপোনাৰ ব্যক্তিত্বত মোহিত হয়৷ নিজকে স্মাৰ্ট কৰি তুলিবলৈ যত্ন কৰক৷ আকৰ্ষণীয় ব্যক্তিত্বৰ পুৰুষৰ প্ৰতি নাৰী সদায়ে আকৃষ্ট হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ