অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক…
আধুনিকতাত ছাই সানি একি অতিকে হৃদয়বিদাৰক ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ দেশ। অন্ধবিশ্বাসৰ কবলত পৰি একে পৰিয়ালৰে ৫ জন লোকক অতি নিৰ্মম ভাৱে হত্যা।
এই শোকাৱহ ঘটনা সংঘটিত হৈছে বিহাৰৰ পূৰ্ণিয়াত। এটা পৰিয়ালৰ ৫ জন সদস্যক মৰিয়াই মৰিয়াই হত্যা কৰাৰ খবৰে এতিয়া সকোলফালে তোলপাৰ লগাইছে। নিহতসকলৰ ভিতৰত আছে স্বামী-স্ত্ৰী আৰু সন্তান। এই ঘটনাৰ পিছতে আৰক্ষী বিভাগত চাঞ্চল্যৰ সৃষ্টি হয়।
এই তথ্য লাভ কৰাৰ লগে লগে বৃহৎ আৰক্ষী বাহিনী গাঁওখনত উপস্থিত হৈ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই মহিলাগৰাকীক ডাইনী বুলি অভিযোগ উত্থাপন কৰিছিল।
একে পৰিয়ালৰ ৫ জন সদস্যক প্ৰহাৰ কৰি হত্যা কৰাৰ পিছত মৃতদেহ কেইটাত জুই লগাই লুকুৱাই দিয়ে। পৰিয়ালটোৰ অন্য আত্মীয়ই আৰক্ষীৰ আহত দিয়া ভাষ্য অনুসৰি এই নিৰ্মম ঘটনাত সমগ্ৰ গাঁওখনেই জড়িত।
প্ৰকাশ কৰা অনুসৰি, প্ৰথমে একাংশ লোকে ঘৰখনৰ মহিলাগৰাকীক ডাইনী আখ্যা দি মাৰপিট কৰে। যেতিয়া স্বামী আৰু পুত্ৰ-বোৱাৰীয়ে মহিলাগৰাকীক বচাবলৈ আহে, কিন্তু উত্তেজিত লোকে এই ৪ লোকৰ উপৰি বৃদ্ধি মাতৃকো টানি আনি পাঁচোটাকে প্ৰহাৰ কৰি হত্যা কৰে।
এই ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বাহিনীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ তদন্ত পৰীক্ষা কৰি গাঁওখনত আৰক্ষী বাহিনী মোতায়েন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















