ইচ্ছা আৰু জেদৰ ওচৰত বয়স কেতিয়াও বাধা হব নোৱাৰে৷ কোনো প্ৰথাগত প্ৰশিক্ষণ নোলোৱাকৈ এভাৰেষ্ট বেছ কেম্পত সফলভাৱে ট্ৰেকিং কৰিলে কেৰালাৰ ৫৯ বছৰীয়া এগৰাকী দৰ্জীয়ে৷ কান্নুৰৰ থালিপ্পাৰাম্বাৰ বাসিন্দা বাসন্তী চেৰুভিত্তিল৷ দৃঢ় সংকল্প আৰু আত্ম শিক্ষাৰ মাধ্যমেৰে এই অসাধাৰণ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ৷ বিগত ১৫ ফেব্ৰুৱাৰীত নেপালৰ সুৰকেৰ পৰা ট্ৰেকিং আৰম্ভ কৰাৰ পাছত ২৩ ফেব্ৰুৱাৰীত তেওঁ এভাৰেষ্টৰ দক্ষিণ বেছ কেম্পত উপস্থিত হয়৷
ইউটিউব চাই কেনেকৈ প্ৰশিক্ষণ লৈছিল বাসন্তীয়ে?
বাসন্তীয়ে যাত্ৰাৰ পূৰ্বে প্ৰায় ৪মাহ ঘৰতেই ইউটিউব চাই প্ৰশিক্ষণ হৈছিল৷ তেওঁ প্ৰতিদিনে তিনি ঘণ্টা খোজকাঢ়ি ট্ৰেকিং বুট পিন্ধি অনুশীলন কৰিছিল৷ সন্ধিয়া বন্ধুসকলৰ সৈতে ৫-৬ কিঃমিঃ খোজকাঢ়িছিল৷ যোগাযোগৰ সুবিধাৰ বাবে শিকি লৈছিল হিন্দী ভাষাও৷ ইয়াৰোপৰি ট্ৰেকিঙৰ প্ৰাথমিক কৌশলসমূহ জানিবলৈ ইউটিউব ভিডিঅ চাইছিল৷
এভাৰেষ্ট বেছ কেম্পত বাসন্তী চেৰুভিত্তিলৰ যাত্ৰা খুব সহজো নাছিল৷ বেয়া পৰিবেশৰ কাৰণে লুকলাৰ উদ্দেশ্যে তেওঁৰ ফ্লাইট বাতিল হৈছিল৷ যাৰ ফলত তেওঁ নেপালত লগ পোৱা এক জাৰ্মান দম্পতিৰ সহায়ত সুৰকে হৈ বিকল্প পথ বিচাৰিছিল৷ পথত তেওঁ সমগ্ৰ বিশ্বৰ পৰা অহা ট্ৰেকাৰসকলৰ মুখামুখি হয়, যাৰ মাজত তিৰুবনন্তপুৰমৰ এক পিতৃ আৰু পুত্ৰৰ জুঁটিও আছিল৷
ট্ৰেকিং খুবেই কঠিন আছিল৷ সৰু পথ, গভীৰ গিৰিখাতেৰে পৰিপূৰ্ণ৷ বাসন্তীয়ে প্ৰতিদিনে ছয়ৰ পৰা সাত ঘণ্টা কৈ খোজকাঢ়িছিল৷ ক্লান্ত নহবলৈ ঘনে ঘনে বিৰতি লৈছিল৷ সপোন সফল হোৱাৰ পাছত ৫৯বছৰ বয়সীয়া মহিলাই কয়, মই লাখুটি লৈ ধীৰে ধীৰে এভাৰেষ্টত উঠিছিলো৷ প্ৰতি কেইঢাপ যাত্ৰা কৰিয়েই মই ক্লান্ত হৈ পৰিছিলো৷ মই প্ৰতিদিনে যাত্ৰাত কমেও পাঁচটা শ্বাস লোৱাৰ বাবেই বিৰতি লৈছিলো৷’
এভাৰেষ্টৰ বেছ কেম্পত ঐতিহ্যবাহী কাছাভু শাৰী পৰিধান কৰি ভাৰতীয় পতাকা উৰুৱাই থকা বাসন্তী চেৰুভিত্তিলৰ এখন ছবি অনলাইনত খুবেই ভাইৰেল৷ বাসন্তীৰ এই প্ৰচেষ্টাক বহুজনেই শলাগ লৈছে৷ বহুতেই বাসন্তীৰ সাহসকো প্ৰশংসা কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ