অসম লাইভ২৪ঃ কথাতেই কোৱা হয় প্ৰেমৰ কোনো বয়স নাই৷ বয়স বাঢ়িল বুলিয়েই যে প্ৰেম নহ’ব তেনেকোনো কথা নাই৷ সেই কথাকেই আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে উত্তৰপ্ৰদেশৰ নাখাড় যাদৱে৷ ৬৫ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হ’ল বৃদ্ধগৰাকী৷ যাৰ সৈতে বিয়াত বহিছে তেওঁৰ সৈতে বয়সৰ পাৰ্থক্য ৪২ বছৰৰ৷ বৃদ্ধগৰাকীয়ে বিয়া কৰাইছে এগৰাকী ২৩ বছৰীয়া যুৱতীক৷
২৩ বছৰীয়া নন্দিনীৰ সৈতে ৬৫ বছৰীয়া নাখাড়ৰ বিবাহক লৈ এতিয়া দেশজুৰি চৰ্চা৷ দেওবাৰে উত্তৰপ্ৰদেশৰ ফৈজাবাদ জিলাৰ মাওয়াই ব্লকৰ এটা মন্দিৰত অনুষ্ঠিত হৈছে বিবাহৰ অনুষ্ঠান৷ পৰিয়ালৰ উপস্থিতিতেই সম্পন্ন হৈছে বিবাহৰ অনুষ্ঠান৷ নাখাড়ৰ এয়া দ্বিতীয় বিবাহ৷ তেওঁৰ প্ৰথমা পত্নীৰ সৈতে আছে ৬গৰাকীকৈ কন্যা সন্তান৷ প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত একাকীত্বত ভূগি আছিল নাখাড়৷ বৃদ্ধৰ এই অৱস্থা দেখিয়েি তেওঁৰ কন্যায়েই বিবাহত আগভাগ লয়৷
ইপিনে ২৩ বছৰীয়া কন্যা নন্দিনীয়েও এই বিবাহক লৈ সুখী বুলি প্ৰকাশ কৰিছে৷ ইয়াৰোপৰি নন্দিনীয়ে কয়, ‘এইজ ইছ জাষ্ট এ নাম্বাৰ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ