জাগীৰোড বিধান সভা সমষ্টিত মনোনয়ন দাখিল যাত্ৰাৰ পূৰ্বে পত্নী Aimeeসহ জাগীৰোডৰ গোভা দেওঁৰজা চাৰিভাই দেওঁশাল শিৱ থানত সেৱা জনাই আশিস গ্ৰহণ পিয়ুষ হাজৰিকাৰ৷

মহাদেৱৰ আশিস লৈ আৰম্ভ কৰিছে মনোনয়ন দাখিল যাত্ৰা৷

মনোনয়ন দাখিলৰ এই যাত্ৰাৰ পূৰ্বে পীয়ুষ হাজৰিকাই জাগীৰোডবাসীৰ আশীৰ্বাদৰ প্ৰতি কৃতজ্ঞতাও প্ৰকাশ কৰিছে৷

কৃতজ্ঞতা প্ৰকাশ কৰি পীয়ুষ হাজৰিকাই পৰিয়ালক লগত লৈ আগবাঢ়িছে মনোনয়ন পত্ৰ দাখিলৰ বাবে৷

জাগীৰোডবাসীক উদ্দেশ্যি পীয়ুষ হাজৰিকাই লিখিছে, জাগীৰোডবাসীৰ বাবে পুনৰ সেৱা আগবঢ়াবলৈ লাভ কৰা এই সুযোগৰ বাবে আজি মই কৃতজ্ঞ…
জাগীৰোডবাসীৰ সহায়-সহযোগিতাৰ বাবে আজি মোৰ বাবে বিশেষ হৈ পৰিছে এই দিন। আপোনালোকৰ মৰম-আশীৰ্বাদৰ বাবে মই কৃতজ্ঞ। অনাগত সময়ত জাগীৰোডৰ বাবে অবিৰত সেৱা আগবঢ়াই যাবলৈ মই চিৰ প্ৰতিজ্ঞ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















