কৰ্কট কেৱল জীনগত ৰোগ নহয়৷ কৰ্কট হোৱাৰ নেপথ্যত আৰু বহু কাৰণ থাকে৷ বিজ্ঞানে কৈছে কৰ্কটৰ দৰে মাৰণৰোগত আক্ৰান্ত হোৱাৰ নেপথ্যত ডাঙৰ কাৰণ হৈছে আমাৰ জীৱনযাপনৰ কিছু অভ্যাস৷ যি আপাত দৃষ্টিত ক্ষতিকৰ ধাৰণা হলেও এইসমূহেই বঢ়াই কৰ্কটৰ আশংকা৷ যেনেকৈ ধৰক দীৰ্ঘ সময় বহি থকাৰ পৰা আৰম্ভ কৰি ধোঁৱাই থকা গৰম চাহ খোৱা৷ এই সাধাৰণ আচৰণসমূহে শৰীৰত এনে কিছু পৰিবৰ্তন ঘটাব পাৰে যিয়ে কোষক বেছি ছেনচিটিভ কৰি তোলে৷ কৰ্কটৰ দৰে ৰোগৰ পৰা দূৰৈত থাকিবলৈ হ’লে কোন কোন নিয়ম মানি চলা জৰুৰী?
নিশা বেছি স্ক্ৰিণ টাইম
স্ক্ৰিণৰ পৰা ওলোৱা নীলা পোহৰে টোপনিৰ গুণমান নষ্ট কৰে আৰু মেলাটোনিন উৎপাদন ব্যাহত কৰে৷ মেলাটোনিন হৈছে সেই হৰমন যিয়ে DNA মেৰামতি কৰে আৰু কৰ্কটৰ আশংকা কমায়৷ ই প্ৰষ্টেট কৰ্কটৰ আশংকা বঢ়ায়৷
দীৰ্ঘ সময় একেৰাহে বহি থকা
প্ৰতিদিনে ৬ ঘণ্টাতকৈ বেছি সময় বহি থাকিলে মৃত্যুৰ সম্ভাৱনা ২০ শতাংশ পৰ্যন্ত বাঢ়ি যায়৷ আনকি নিয়মিত ব্যায়াম কৰি থকাসকলেও সাৱধানে থকা উচিত৷ আমেৰিকান কৰ্কট ছচাইটিৰ গৱেষণাত দেখা গৈছে বয়স্ক নাৰীসকলৰ ক্ষেত্ৰত দীৰ্ঘক্ষণ বহি থকাৰ বাবে কৰ্কটৰ আশংকা ৬-১০ শতাংশ পৰ্যন্ত বাঢ়ি যায়৷
নিয়মিত প্ৰছেচড মাংস খোৱা
প্ৰছেচড মাংসত থাকে নাইট্ৰাইট আৰু ৰন্ধা বা প্ৰিজাৰভ কৰাৰ সময়ত তৈয়াৰ হোৱা PAHয়ে কলৰেক্টল আৰু পাকস্থলীৰ কৰ্কটৰ সৈতে জড়িত৷ WHO ইতিমধ্যেই প্ৰছেচড মাংসক কাৰ্ছিনোজেনিক হিচাপে চিহ্নিত কৰিছে৷ সেয়ে মাংস খালেও সেয়া বজাৰৰ কৰা কিনি অনা ফ্ৰেছ মাংস হোৱাটো ভাল৷ প্ৰছেচড মাংস এৰাই চলক৷
অতিৰিক্ত গৰম পানীয় খোৱা ৬৫ ডিগ্ৰী ছেলচিয়াছৰ ওপৰত বা চাহ বা কফি বা অন্য কোনো পানীয় খোৱাটোও বহু ক্ষেত্ৰত ৰিস্কি হৈ পৰে৷ খুব বেছি গৰম পানীয় নিয়মিত খালে খাদ্যনলীৰ কৰ্কটৰ আশংকা ছয় গুণ পৰ্যন্ত বাঢ়িব পাৰে৷
প্লাষ্টিকৰ কৌট কৰি মাইক্ৰৱেভত খাদ্য গৰম কৰা
প্লাষ্টিকত ৰখা খাদ্য মাইক্ৰোৱেভত গৰম কৰিলে BPA আৰু ফেথালেটছৰ দৰে ৰাসায়নিক বাহিৰ হব পাৰে৷ এইসমূহে হৰমনৰ ভাৰসাম্য নষ্ট কৰে৷ কৰ্কটৰ আশংকা বঢ়ায়৷ কম মাত্ৰাত হলেও দীৰ্ঘম্যাদি এক্সপোজাৰ অন্তঃস্ৰাৱী কাৰ্যক্ৰম বিঘ্নিত কৰিব পাৰে৷
দীৰ্ঘম্যাদি মানসিক চাপ
দীৰ্ঘস্থায়ী মানসিক চাপে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে আৰু প্ৰদাহ বঢ়ায়৷ ইয়াৰ ফলত কৰ্কটৰ কোষ বাঢ়ি উঠাৰ সুযোগ পায়৷ সময়ৰ লগে লগে এই চাপে শৰীৰক বিভিন্ন ধৰণৰ কৰ্কটৰ প্ৰতি সংবেদনশীল কৰি তোলে৷
ছানস্ক্ৰিণ ব্যৱহাৰ নকৰা
সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে DNA ক ক্ষতিগ্ৰস্থ কৰে৷ যিয়ে বেছাল চেল কাৰ্ছিনোমা, স্কোয়ামাছ চেল কাৰ্ছিনোমা আৰু মেলানোমাৰ আশংকা অনেকগুণ বঢ়ায়৷ অষ্ট্ৰেলিয়াৰ এক গৱেষণাই কৈছে, নিয়মিত ছানস্ক্ৰিণ ব্যৱহাৰে মেলানোমাৰ আশংকা প্ৰায় ৫০ শতাংশ কমায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















