গ্ৰহ মানেই কোনো নক্ষত্ৰৰ সংসাৰৰ এগৰাকী সদস্য৷ যেনেকৈ আমাৰ পৃথিৱী৷ সূৰ্যৰ পৰিয়ালৰ এক সদস্য আমাৰ এই পৃথিৱী৷ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডত কোনো স্বাধীন গ্ৰহ আছেনে? ইউৰোপীয় স্পেছ এজেন্সিৰ ইউক্লিড টেলিস্কোপত ধৰা পৰিছে তেনে সাতটাকৈ গ্ৰহ৷ যিকেইটা গ্ৰহৰ নক্ষত্ৰৰ সৈতে কোনো সম্পৰ্ক নাই৷ অনন্ত মহাশূন্যত অকলেই ভাঁহি আছে এইকেইটা গ্ৰহ৷ এই গ্ৰহত নাই দিনৰাতিৰ হিচাপ৷ কোন দিনা কি তেনে কোনো মাপকাঠিও নাই৷ নক্ষত্ৰৰ পৰিয়ালৰ সদস্য নোহোৱা হেতুকে কাৰোবাৰ প্ৰদক্ষিণ কৰি থকাৰো কাৰণ নাই৷
কিন্তু এনে গ্ৰহত প্ৰাণৰ অস্তিত্ব থাকিব পাৰেনে? বিজ্ঞানীৰ দাবী সেই সম্ভাৱনাও অৱশ্যে নথকা নহয়৷ কিন্তু এতিয়ালৈকে কোনোৱে প্ৰাণী থকাৰ তথ্য উদঘাটন কৰিব পৰা নাই৷ বিগত জুলাই মাহত ইউৰোপীয় মহাকাশ সংস্থাই যি মিছন আৰম্ভ কৰিছে সেই মিছনৰ প্ৰধান লক্ষ্যই আছিল স্বাধীন গ্ৰহৰ সন্ধান কৰা৷ স্পেনিছ মহাকাশচাৰী এদুয়াৰ্ডো মাৰ্টিনে জনাইছে যে, এই গ্ৰহসমূহ যেন বৰফশৈলীৰ চূড়ামাত্ৰ৷ যিহেতু ইয়াত কোনো পোহৰেই প্ৰতিফলিত নহয় সেয়ে অন্ধকাৰ মহাবিশ্বত এনে গ্ৰহ বিচাৰি ভিতৰত কি আছে সেয়া বিচাৰি উলিওৱাটো কঠিন কাম৷
কিন্তু কেনেকৈ তৈয়াৰ হৈছে এই ৰাফ প্লেনেট? এই গ্ৰহসমূহৰ বহু বছৰ পূৰ্বে কোনো নক্ষত্ৰৰ পৰিয়ালতেই জন্ম হৈছিল৷ কিন্তু সেই নক্ষত্ৰৰ পৰিয়ালৰ পৰা কালক্ৰমত বিচ্ছিন্ন হৈ পৰে৷ বহু বিজ্ঞানীয়ে আকৌ ক’ব খোজে যে নিজে নিজেই কোনো গ্ৰহৰ জন্মও হ’ব পাৰে৷ এই ব্ৰহ্মাণ্ডত অজুত নিযুত তেনে গ্ৰহ থাকিব পাৰে৷ ২০২৭ চনত নাছাই মহাকাশলৈ পঠিয়াহ ৰোমান স্পেছ টেলিস্কোপ৷ আশা কৰা হৈছে যে সেই টেলিস্কোপৰ সহায়ত হয়তো এই ধৰণৰ গ্ৰহ সম্পৰ্কে আৰু তথ্য পোহৰলৈ আহিব পাৰে৷
ইফালে ইউক্লিডে সন্ধান লাভ কৰিছে কেইটামান গেছিয় গ্ৰহৰো৷ যাৰ আয়তন বৃহস্পতিৰ অন্তত চাৰিগুণ৷ উল্লেখ্য যে বৃহস্পতি সৌৰজগতৰ বৃহত্তম গ্ৰহ৷ কিন্তু সেই গ্ৰহৰ আকাৰ আয়তনতকৈয়ো ডাঙৰ গেছীয় গ্ৰহৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে৷ পৃথিৱীৰ পৰা প্ৰায় ডেৰ হাজাৰ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এই অতিকায় গ্ৰহটো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















