অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে এটা ভাল লগা খবৰ। হিন্দী আৰু অন্যান্য ভাষাৰ ডাঙৰ বাজেটৰ ছবিৰ সৈতে প্ৰতিযোগিতা কৰিও এখন অসমীয়া ছবিয়ে দৰ্শকৰ মন জয় কৰি ছবিগৃহত দীঘলীয়া সময় ধৰি নিজৰ উপস্থিতি বজাই ৰাখিছে। ছবিখন হৈছে প্ৰণৱ ভৰালীৰ পৰিচালনাত, DJ Entertainment আৰু Atlasৰ বেনাৰত, নৃপেন দাস আৰু হৃষিকেশ পাটগিৰিৰ প্ৰযোজনাত নিৰ্মিত ‘চুপা চুপি’। চলিত বৰ্ষৰ ১২ জুনত ছবিগৃহত মুক্তি লাভ কৰা ‘চুপা চুপি’য়ে মুক্তিৰ ৭০ দিন অতিক্ৰম কৰাৰ পাছতো দৰ্শকৰ মাজত আগ্ৰহ বজাই ৰাখিবলৈ সক্ষম হৈছে। কমেডী, ড্ৰামা আৰু ৰহস্যৰ সমাহাৰে নিৰ্মিত ছবিখনৰ দৈৰ্ঘ্য ২ ঘণ্টা ৪১ মিনিট। মুক্তিৰ ৭০ দিন অতিক্ৰম কৰাৰ পিছতো মহানগৰীৰ মেট্ৰিক্স চিনেমাত ছবিখনৰ এতিয়াও হাউছফুল হৈ চলি থকাই প্ৰমাণ কৰে যে অসমীয়া ছবিৰ ভাল দিন ঘূৰি আহিছে।
বক্স অফিচতো ভাল প্ৰদৰ্শন
মুক্তিৰ পিছৰে পৰা ‘চুপা চুপি’য়ে বক্স অফিচত আশাব্যঞ্জক প্ৰদৰ্শন কৰিছে। উপলব্ধ বক্স অফিচ ট্ৰেকিং তথ্য অনুসৰি ছবিখনে প্ৰথম দিনাই প্ৰায় ২২–২৭ লাখ টকাৰ ভিতৰত net collection কৰিছিল। পৰৱৰ্তী সময়ত এই পৰিসংখ্যা ক্ৰমান্বয়ে ঊৰ্ধ্বগামী হৈছে। Sacnilkৰ তথ্য অনুসৰি ছবিখনৰ India net collection প্ৰায় ৭.৪৭ কোটি টকা আৰু worldwide gross প্ৰায় ৮.৫৯ কোটি টকা বুলি দেখুওৱা হৈছে। অৱশ্যে বিভিন্ন বক্স অফিচ ট্ৰেকিং ছাইটৰ পৰিসংখ্যাত কিছু পাৰ্থক্য থাকিব পাৰে। সেয়ে এই সংখ্যাবোৰক নিৰ্মাতাৰ চৰকাৰী উপাৰ্জনৰ তথ্য হিচাপে গণ্য নকৰাই ভাল। ইতিমধ্যে ‘চুপা চুপি’-এ অসমীয়া ছবিৰ ভিতৰত সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাতো স্থান লাভ কৰিছে। উপাৰ্জন অব্যাহত থাকিলে আগন্তুক দিনত ছবিখনে আৰু ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে।
৭০ দিনৰ theatrical run কিয় গুৰুত্বপূৰ্ণ?
১২ জুনত মুক্তি লাভ কৰা ছবিখনে ২০ আগষ্টত ৭০ দিন সম্পূৰ্ণ কৰে। বৰ্তমানৰ OTT প্লেটফৰ্মৰ যুগ, ইয়াৰ উপৰিও হিন্দী, দক্ষিণাত্যৰ লগতে হলীউডৰ ছবিসমূহৰ প্ৰত্যাহ্বানকো নেওচি ছবিগৃহ সগৌৰৱে এখন অসমীয়া ছবিয়ে ইমান দীঘলীয়া সময় ধৰি দৰ্শকক ছবিগৃহলৈ আকৰ্ষণৰ ধাৰাবাহিকতা প্ৰথম সপ্তাহটোৰ দৰে ৰখাটো সহজ নহয়।
প্ৰতি সপ্তাহতে নতুন হিন্দী, ইংৰাজী আৰু বিভিন্ন আঞ্চলিক ভাষাৰ ছবি মুক্তি পায়। ডাঙৰ বাজেট, জনপ্ৰিয় অভিনেতা, ব্যাপক প্ৰচাৰ আৰু মাল্টিপ্লেক্সৰ অধিক স্ক্ৰীণৰ মাজতো ‘চুপা চুপি’য়ে নিজৰ স্থান বজাই ৰখাটো অসমীয়া চলচ্চিত্ৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। গুৱাহাটীৰ দৰে চহৰত হিন্দী আৰু ইংৰাজী ছবিয়ে একে সময়তে বহু স্ক্ৰীণ আৰু show লাভ কৰাটো স্বাভাৱিক। এনে কঠিন প্ৰতিযোগিতাৰ মাজতো এখন অসমীয়া ছবিয়ে নিজৰ show বজাই ৰখাটো বিশেষ গুৰুত্বপূৰ্ণ। ‘চুপা চুপি’ৰ ৭০ দিনৰ যাত্ৰাই এটা কথা স্পষ্ট কৰিছে—দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পৰা ভাল অসমীয়া ছবিৰ বাবে ছবিগৃহত এতিয়াও যথেষ্ট সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















