অসম লাইভ ২৪ঃ অসমত ক্ৰমাৎ জটিল হৈ পৰিছে কোভিড পৰিস্থিতি। শনিবাৰৰ দিনটোত অসমত আক্ৰান্ত হয় ৮৭৬গৰাকী। ইয়াৰে কেৱল গুৱাহাটী মহানগৰীত ৩৬০গৰাকীৰ দেহত ধৰা পৰে ক’ৰোনাৰ অৱস্থিতি। সেই অনুসৰি, কামৰূপত ৫৬জন, নলবাৰীত ৩৪জন, যোৰহাটত ২১জন, নগাঁৱত ৩২জন আৰু ডিব্ৰুগড়ত ৪২জন লোক আক্ৰান্ত হৈছে ক’ৰোনাত। শোণিতপুৰত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৪৭জন লোক। বিগত ২৪ ঘণ্টাত অসমত সম্পন্ন হয় ৪৩,২৬৮ টা কোভিড টেষ্ট আৰু ৰাজ্যত মৃত্যু হৈছে ২জন ক’ৰোনা আক্ৰান্তৰ।
আনহাতে ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে ২,৬১,৫০০গৰাকী লোক। দেশত এদিনত মৃত্যু হৈছে ১,৫০১গৰাকী। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈকে দেশত সক্ৰিয় হৈ থকা কোভিড ৰোগীৰ সংখ্যা ১৮,০১,৩১৬গৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ