অসম লাইভ ২৪ঃ পশ্চিমবংগত ভয়ংকৰ ধৰণে বৃদ্ধি হৈছে ক’ৰোনাৰ গণ সংক্ৰমণ। আজি পুৱা ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ ভাতৃ অসীম বংগোপাধ্যায়। এমাহ পূর্বে ক’ৰোনাত আক্ৰান্ত হৈছিল মমতা বেনার্জীৰ ভাতৃ। উল্লেখযোগ্য যে কাইলৈৰ পৰা পশ্চিমবংগত জাৰি কৰা হৈছে সম্পূর্ণ লকডাউন। ১৬ মে’ৰ পৰা ৩০ মে’লৈ জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ হ’ব পশ্চিমবংগত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















