অসম লাইভ ২৪ঃ মাইক্ৰ’ছফ্ট কোম্পানীৰ পৰা পদত্যাগ প্ৰতিষ্ঠাপক বিল গেটচৰ। দুই দশক পূৰ্বৰ এক ঘটনাৰ বাবে শেহতীয়াকৈ পদত্যাগ কৰে বিল গেটচে। এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰে হতচকিত কৰিছে অনুৰাগীসকলক। ব্যক্তিগত কাৰণত পদত্যাগ কৰাৰ কথা উল্লেখ কৰে বিল গেটচে। কিন্তু বিল গেটচৰ মুখপাত্ৰই জনোৱা অনুসৰি, পূৰ্বৰ এক ঘটনাৰ তদন্তৰ আওঁতালৈ আহিছে বিল গেটচ। যাৰ বাবে প্ৰতিষ্ঠানটোৰ পৰা পদত্যাগ কৰে প্ৰতিষ্ঠাপকগৰাকীয়ে। ২০ বছৰ পূৰ্বে সহকৰ্মীৰ সৈতে থকা অবৈধ শাৰিৰীক সম্পৰ্কত বিষয়টো পোহৰলৈ অহাৰ পাছতেই পদত্যাগ কৰে বিল গেটচে। ঘটনা সন্দৰ্ভত ২০১৯ চনৰ শেষৰ ফালে অৱগত হয় মাইক্ৰ’ছফ্ট কৰ্তৃপক্ষ। দুটা দশক পাছত অৱগত হ’লেও ঘটনা সন্দৰ্ভত জৰুৰী তদন্তৰ নিৰ্দেশ দিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষই। ঘটনাৰ নিৰপেক্ষ বিচাৰৰ আহ্বান জনায় মাইক্ৰ’ছফ্ট কৰ্তৃপক্ষই। কিন্তু তাৰ কিছুদিন পাছতেই পদত্যাগ কৰে বিল গেটচে যাৰ বাবে আধাতে স্তব্ধ হয় তদন্ত প্ৰক্ৰিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















