মুম্বাইত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পিছতে বলীউডৰ অভিনেতা ইমৰাণ খানে বিপদত পৰিছে। প্ৰতিবাদত অংশগ্ৰহণৰ পিছতে অভিনেতাজনৰ নাগৰিকত্বক লৈও প্ৰশ্ন উত্থাপন হৈছে। জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব থকা ইমৰাণ খানৰ বিৰুদ্ধে এতিয়া দেশ এৰি যাবলৈ জাননী জাৰি কৰা হৈছে। প্ৰকাশিত বাতৰি অনুসৰি, প্ৰতিবাদৰ সময়ত মুম্বাই আৰক্ষীয়ে অভিনেতাজনক আটক কৰি ৰাখিছিল। সেই সময়ৰ কেইবাটাও ভিডিঅ’ আৰু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে অভিনেতাজনক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
অভিবাসন বিভাগ আৰু বিদেশী আইনৰ অধীনত ইমৰাণ খানৰ বিৰুদ্ধে জাননী জাৰি কৰা হৈছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত থকা বিদেশী পঞ্জীয়ন কাৰ্যালয় (FRO), মুম্বাইৰ পৰা এই জাননী প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। জাননীখনত অভিনেতাজনক ২৮ অক্টোবৰৰ পূৰ্বে ভাৰত এৰি যাবলৈ কোৱা হৈছে। অৱশ্যে, এই জাননীৰ আইনী ভিত্তি আৰু ইয়াৰ ফলত অভিনেতাগৰাকীৰ ওপৰত কি প্ৰভাৱ পৰিব, সেয়া জাননীখনৰ সম্পূৰ্ণ তথ্যৰ ভিত্তিতহে নিশ্চিত কৰিব পৰা যাব।
ইমৰাণ খান মিষ্টাৰ পাৰ্ফেকছনিষ্ট আমীৰ খানৰ ভাগীন। ২০০৮ চনত মুক্তি পোৱা ‘জানে তু… য়া জানে না’ ছবিৰ জৰিয়তে তেওঁ মুখ্য অভিনেতা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ লাক, দিল্লী বেলি, ব্ৰেক কে বাদ, গৌৰী তেৰে প্যাৰ মেইন, কট্টি বাট্টি আদি ছবিত অভিনয় কৰে। চলচ্চিত্ৰ জগতত বিশেষ সফলতা লাভ কৰিব নোৱাৰাৰ পিছত ২০১৫ চনৰ পৰা তেওঁ অভিনয়ৰ ক্ষেত্ৰত আঁতৰি আছিল। প্ৰায় ১১ বছৰৰ বিৰতিৰ অন্তত তেওঁ পুনৰ বলীউডলৈ উভতি অহাৰ প্ৰস্তুতি চলাইছে।
অভিনেতাগৰাকীৰ আগন্তুক ছবি ‘অধুৰে হম আধুৰী তুম’ ২০২৬ চনৰ ১৮ ডিচেম্বৰত মুক্তি পোৱাৰ কথা। কিন্তু শেহতীয়া প্ৰতিবাদ আৰু দেশ এৰিবলৈ জাননী জাৰি কৰা বাতৰিয়ে তেওঁৰ প্ৰত্যাৱৰ্তনক লৈ নতুন চৰ্চাৰ সৃষ্টি কৰিছে। এতিয়া এই জাননীৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব আৰু ইয়াৰ ফলত ইমৰাণ খানৰ আগন্তুক চলচ্চিত্ৰ প্ৰকল্পত কোনো প্ৰভাৱ পৰিব নেকি, সেয়া সময়তহে স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















