ছিপাঝাৰৰ ধলপুৰত খিলঞ্জীয়া লোকৰ ভূমি আৰু মন্দিৰৰ মাটি বেদখলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিশাৰ ভিতৰতে ৩৫টা ঘৰ নিৰ্মাণ কৰাৰ দাবীক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসমৰ দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰ অঞ্চলত ভূমি বেদখলক কেন্দ্ৰ কৰি নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি, অঞ্চলটোত মিঞাই খিলঞ্জীয়া লোকৰ মাটিৰ লগতে মন্দিৰৰ ভূমিও বেদখলৰ অপচেষ্টা চলাইছে। নিশাৰ ভিতৰতে এটাৰ পিছত এটাকৈ ঘৰ নিৰ্মাণ কৰি নতুন বসতি গঢ়ি তোলাৰ অভিযোগে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।
অভিযোগ অনুসৰি, মাত্ৰ এৰাতিৰ ভিতৰতে মিঞা সম্প্ৰদায়ে প্ৰায় ৩৫টা ঘৰ নিৰ্মাণ কৰিছে। এইদৰে কম সময়ৰ ভিতৰতে বহু ঘৰ নিৰ্মাণ কৰি বসতি স্থাপন কৰাৰ আঁৰত কি উদ্দেশ্য আছে, সেই সন্দৰ্ভত স্থানীয় লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে, এই সমগ্ৰ ঘটনাক লৈ ৰাজ্য চৰকাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ কাষৰ অঞ্চলটো বিশেষভাৱে চৰ্চালৈ আহিছে। গৰুখুঁটি প্ৰকল্পক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা ভূমি বেদখল আৰু উচ্ছেদৰ বিষয়টো গুৰুত্ব লাভ কৰি আহিছে। এনে পৰিস্থিতিত প্ৰকল্পটোৰ কাষতে মিঞাই নিৰ্বিঘ্নে খিলঞ্জীয়াৰ মাটি দখল কৰি নতুনকৈ ঘৰ নিৰ্মাণ আৰু ভূমি বেদখলৰ অভিযোগ উত্থাপন হোৱাত বিষয়টোৱে পুনৰ গুৰুত্ব লাভ কৰিছে।
স্থানীয় ৰাইজৰ অভিযোগ, খিলঞ্জীয়া লোকৰ ভূমি আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত মাটিৰ সুৰক্ষা নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। কোনো মিঞাই অবৈধভাৱে খিলঞ্জীয়াৰ ভূমি বা চৰকাৰী ভূমি দখল কৰিছে, তেন্তে প্ৰশাসনে বিষয়টো তদন্ত কৰি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে।
এই ঘটনাক লৈ ধলপুৰৰ স্থানীয় লোকসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। ৰাইজে প্ৰশাসনক ঘটনাস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ কৰা ঘৰসমূহৰ স্থিতি, ভূমিৰ নথি-পত্ৰ আৰু বেদখলৰ অভিযোগৰ সত্যতা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। ধলপুৰবাসীৰ এই অভিযোগক গুৰুত্বসহকাৰে লৈ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট ভূমি বিভাগে নিৰপেক্ষ তদন্ত কৰা প্ৰয়োজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















