• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

2 minutes ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

2 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

2 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

3 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

4 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

13 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

13 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

13 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

14 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

14 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

15 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

ইণ্টাৰনেটত ৰূপসীক লৈ SEARCH ৫০২ শতাংশ পৰ্যন্ত বৃদ্ধি

editor by editor
October 15, 2026
in অসম, জীৱনশৈলী, ভ্ৰমণ
0
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনপ্ৰিয় পৰ্যটনস্থলীৰ পৰিৱৰ্তে নতুন, কম খৰচী আৰু কম পৰিচিত ঠাইলৈ ফুৰিবলৈ যোৱাৰ ট্ৰেণ্ড শেহতীয়াকৈ বৃদ্ধি পাইছে। অসমৰ পৰ্যটন উদ্যোগৰ বাবে সুখবৰ কঢ়িয়াই স্কাইস্কেনাৰৰ ২০২৭ চনৰ ট্ৰেভেল ট্ৰেণ্ডছ ৰিপ’ৰ্ট অনুসৰি, ৰূপসীলৈ অহাৰ বাবে ইণ্টাৰনেটত বিমানৰ SEARCH পূৰ্বৰ তুলনাত ৫০২ শতাংশ বৃদ্ধি পাইছে। ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে জনপ্ৰিয় হৈ উঠা গন্তব্যস্থানসমূহৰ ভিতৰত ৰূপসীয়ে দ্বিতীয় স্থান লাভ কৰিছে। কিৰ্গিস্তানৰ ৰাজধানী বিস্কেকৰ পিছতে স্থান লাভ কৰিছে ৰূপসীয়ে। পশ্চিম অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণী, ঐতিহাসিক ৰাজপ্ৰাসাদ, ধৰ্মীয় স্থান আৰু পৰম্পৰাগত হস্তশিল্পৰ বাবে জনপ্ৰিয়তা লাভ কৰিছে ৰূপসীয়ে। ৰূপসীলৈ বিমানৰ সন্ধান বৃদ্ধি পোৱাৰ আঁৰত পশ্চিম অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক সম্পদ, ধৰ্মীয় স্থান আৰু পৰম্পৰাগত শিল্পকলাৰ প্ৰতি ভ্ৰমণকাৰীৰ আগ্ৰহো এটা কাৰণ হ’ব পাৰে। ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী, মাটিয়াবাগ ৰাজপ্ৰাসাদৰ ইতিহাস, ধুবুৰীৰ ধৰ্মীয় ঐতিহ্য, আশাৰিকান্দিৰ টেৰাকোটা শিল্প আৰু সৰলপাৰাৰ শান্ত প্ৰাকৃতিক পৰিৱেশ—এই সকলোবোৰে পশ্চিম অসমক এক সুকীয়া ভ্ৰমণ গন্তব্যস্থান হিচাপে গঢ়ি তুলিছে। ৰূপসীৰ ওচৰে-পাজৰে ফুৰিব পৰা উল্লেখযোগ্য স্থানসমূহৰ ভিতৰত হৈছে-

১. ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান

বন্যপ্ৰাণী আৰু প্ৰকৃতি ভাল পোৱা লোকসকলৰ বাবে কোকৰাঝাৰ জিলাৰ ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান এক উল্লেখযোগ্য ভ্ৰমণস্থলী। প্ৰায় ৪২২ বৰ্গ কিলোমিটাৰ এলেকাজুৰি বিস্তৃত এই উদ্যানখন জৈৱ-বৈচিত্ৰ্যৰ বাবে বিশেষভাৱে পৰিচিত। ইয়াত সোণালী বান্দৰ বা সোণালী লেংগুৰ, এছিয়ান হাতী, গৌৰ আৰু ভাৰতীয় বনৰীয়া কুকুৰৰ দৰে বিভিন্ন বন্যপ্ৰাণী পোৱা যায়। ইয়াৰ উপৰি উদ্যানখনৰ অৰণ্যত বিভিন্ন প্ৰজাতিৰ চৰাই, পখিলা আৰু উদ্ভিদ দেখা পোৱা যায়।

২. মাটিয়াবাগ ৰাজপ্ৰাসাদ

ইতিহাস আৰু ঐতিহ্যৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে গৌৰীপুৰৰ মাটিয়াবাগ ৰাজপ্ৰাসাদ আন এক আকৰ্ষণীয় স্থান। এই ৰাজপ্ৰাসাদটো ‘হাৱা মহল’ নামেৰেও পৰিচিত। গদাধৰ নদীৰ ওচৰত অৱস্থিত এই প্ৰাসাদৰ সৈতে গৌৰীপুৰৰ পূৰ্বৰ ৰাজপৰিয়ালৰ ইতিহাস জড়িত হৈ আছে। অঞ্চলটোৰ সাংস্কৃতিক পৰিচয়ৰ ক্ষেত্ৰতো গৌৰীপুৰৰ বিশেষ স্থান আছে। বিশেষকৈ গোৱালপাৰীয়া লোকসংগীতে এই অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰিছে। সেয়েহে মাটিয়াবাগ ৰাজপ্ৰাসাদ ভ্ৰমণৰ জৰিয়তে কেৱল ইতিহাসৰ বিষয়ে জনাই নহয়, পশ্চিম অসমৰ সংস্কৃতিৰ সৈতেও পৰিচিত হ’ব পাৰি।

৩. ধুবুৰী

ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী পশ্চিম অসমৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু ধৰ্মীয় স্থান। ইয়াত বিভিন্ন ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতিৰ সমন্বয় দেখা পোৱা যায়। ধুবুৰীৰ অন্যতম উল্লেখযোগ্য স্থান হৈছে গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জী। শিখ ধৰ্মৰ নৱম গুৰু টেগ বাহাদুৰৰ সৈতে জড়িত এই গুৰুদ্বাৰা শিখ ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান। ইয়াৰ উপৰি ধৰ্মীয় আৰু ঐতিহাসিক স্থান হিচাপেও ইয়াৰ বিশেষ গুৰুত্ব আছে। আনহাতে, বগৰীবাৰীত অৱস্থিত মহামায়া ধাম দেৱী মহামায়াৰ নামত উৎসৰ্গিত এক উল্লেখযোগ্য মন্দিৰ। নিম্ন অসমৰ এই ধৰ্মীয় স্থানলৈ বহু ভক্তই দৰ্শনৰ বাবে আহে। এই স্থানসমূহ ভ্ৰমণ কৰিলে অঞ্চলটোৰ ধৰ্মীয় পৰম্পৰা, ইতিহাস আৰু স্থানীয় জীৱনশৈলীৰ বিষয়ে জানিব পাৰি।

৪. আশাৰিকান্দি: পৰম্পৰাগত টেৰাকোটাৰ গাঁও

হস্তশিল্পৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে ধুবুৰী জিলাৰ আশাৰিকান্দি এখন বিশেষ আকৰ্ষণীয় ঠাই। এই গাঁওখন পৰম্পৰাগত টেৰাকোটা শিল্পৰ বাবে বিখ্যাত। ইয়াৰ শিল্পীসকলে স্থানীয় মাটি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ মূৰ্তি, সজাব পৰা সামগ্ৰী আৰু শিল্পকৰ্ম তৈয়াৰ কৰে। পুৰণি পৰম্পৰা আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা দক্ষতাই এই শিল্পক এক বিশেষ পৰিচয় দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rupsi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি
জীৱনশৈলী

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

October 15, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.