অসম লাইভ ২৪ঃ ক্ৰমাৎ যেন জনপ্ৰিয়তা হ্ৰাস পাইছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। কিছুদিন পূৰ্বে বন্ধ কৰি দিয়া হৈছিল ড’নাল্ড ট্ৰাম্পৰ ফেচবুক আৰু টুইটাৰ একাউণ্ট। যাৰ বাবে নিজৰ সমৰ্থকসকলৰ সৈতে পোনপটীয়া যোগাযোগৰ বাবে ড’নাল্ড ট্ৰাম্পে খুলিছিল ব্লগপোষ্ট। কিন্তু লাহে লাহে যেন আদৰ কমিছে ট্ৰাম্পৰ। দিনে দিনে কমিছে ব্লগপোষ্টৰ পাঠকৰ সংখ্যা। যাৰ বাবে ট্ৰাম্পে চিৰদিনৰ বাবে বন্ধ কৰিবলৈ ওলাইছে তেওঁৰ ব্লগ ‘ফ্ৰম দ্যা ডেস্ক অব ড’নাল্ড জে ট্ৰাম্প’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















