অসম লাইভ ২৪ঃ SBIৰ গ্ৰাহকসকলৰ বাবে ১ জুলাইৰ পৰা নিয়মৰ কিছু সাল-সলনি কৰা হৈছে। ATM আৰু চেকবুক সম্বন্ধীয় নতুন নিয়ম বলবৎ হ’ব ১ জুলাইৰ পৰা। ATM আৰু চেকবুকৰ জৰিয়তে টকা উলিওৱাৰ ক্ষেত্ৰত শুল্ক ভৰিব লাগিব গ্ৰাহকসকলে। এমাহত ATMৰ জৰিয়তে ৪ বাৰতকৈ অধিক লেনদেন কৰিলে প্ৰতিটো লেনদেনৰ বাবদ জিএচটিৰ উপৰিও ১৫ টকাকৈ ভৰিব লাগিব গ্ৰাহকসকলে। ঠিক তেনেদৰে চেকবুকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব কিছু নিয়ম। এটা বিত্তীয় বৰ্ষত শুল্ক অবিহনে কেৱল ১০ খনহে চেকবুকৰ পাত ব্যৱহাৰ কৰিব পাৰিব। অন্যথা, ১০ খনতকৈ অধিক হ’লে ভৰিব লাগিব ৪০ টকাকৈ আৰু ২৫ খনতকৈ অধিক হ’লে প্ৰতিটো পাতৰ বিনিময়ত GSTৰ লগতে ৭৫ টকাকৈ শুল্ক ভৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















