অসম লাইভ ২৪ঃ ১২টা আম ১ লাখ ২০ হাজাৰ টকাত বিক্ৰী কৰিলে জামছেদপুৰৰ তুলসী কুমাৰীয়ে। সেই আম ক্ৰয় কৰে মুম্বাইৰ এগৰাকী ব্যৱসায়ীয়ে। জামছেদপুৰৰ এখন চৰকাৰী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী তুলসী কুমাৰী। অনলাইন ক্লাছৰ বাবে এটা স্মাৰ্টফোনৰ অতি প্ৰয়োজন তুলসীৰ। কিন্তু দৰিদ্ৰতাৰ বাবে স্মাৰ্টফোন কিনি দিবলৈ অসমৰ্থ পিতৃ-মাতৃ। গতিকে কণমানি তুলসীৰ সেই প্ৰয়োজন পূৰণ কৰিলে মুম্বাইৰ এগৰাকী ব্যৱসায়ীয়ে। জামছেদপুৰৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল তুলসীৰ জীৱন সংগ্ৰামৰ কাহিনী। তেতিয়াই ব্যৱসায়ীগৰাকীয়ে তুলসী কুমাৰীক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গতিকে ৰাস্তাত আম বিক্ৰী কৰি থকা কণমানি তুলসীৰ পৰা ব্যয়সায়ীগৰাকীয়ে ১২টা আম ক্ৰয় কৰিছিল ১ লাখ ২০ হাজাৰ টকাত। সেই কথাত আচম্বিত হয় তুলসী কুমাৰীও। পাছত সেই টকাৰে এটা স্মাৰ্টফোন ক্ৰয় কৰে তুলসীয়ে। ব্যৱসায়ীগৰাকীৰ এই সহযোগিতাই অনুপ্ৰাণিত কৰে কণমানি তুলসী কুমাৰীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ