অসম লাইভ ২৪ঃ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। ২০২১ত দ্বিতীয় বৰ্ষত অধ্যয়নৰত শিক্ষাৰ্থীসকলে সলনি কৰিব পাৰিব শিক্ষানুষ্ঠান। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক নিৰ্দেশনাযোগে ঘোষণা কৰে এই কথা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ অন্য শিক্ষানুষ্ঠানত নাম পঞ্জীয়ন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। আগ্ৰহী শিক্ষাৰ্থীয়ে ৩১ জুলাই, ২০২১ৰ ভিতৰত শিক্ষা সংসদে নিৰ্ধাৰণ কৰা নিয়মাৱলী অনুসৰি নিৰ্ধাৰিত মাচুলসহ প্ৰ-পত্ৰ জমা দিব লাগিব। এই সন্দৰ্ভত শিক্ষা সংসদৰ ৱেবচাইট www.ahsec.assam.gov.in ত সবিশেষ উল্লেখ কৰিছে শিক্ষা সংসদে। ইয়াৰ উপৰি, cobseৰ অধীনৰ অন্য শিক্ষা ব’ৰ্ডৰ শিক্ষাৰ্থীয়েও নিয়মাৱলী অনুসৰি আৱেদন কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ