• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূ-দালালৰাজৰ অৱসান সম্ভৱনে?

ভূ-দালালৰাজৰ অৱসান সম্ভৱনে?

5 years ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

1 hour ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

2 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

3 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

3 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

4 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

5 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

6 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

7 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

15 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

16 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

16 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ভূ-দালালৰাজৰ অৱসান সম্ভৱনে?

editor by editor
October 2, 2021 - Updated on October 6, 2021
in অসম, গুৱাহাটী, লেখা
0
ভূ-দালালৰাজৰ অৱসান সম্ভৱনে?
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

 

                                                                                                 ভূ-দালালৰাজৰ অৱসান সম্ভৱনে?    

                                                                                                         কিশোৰ কুমাৰ কলিতা

অসম লাইভ ২৪ঃ সুদীৰ্ঘকাল ধৰি অসম মন্ত্ৰীসভাৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদ শুৱনি কৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত পাঁচ শতাধিক দালালক গ্ৰেপ্তাৰ কৰা বুলি বাতৰি প্ৰকাশ পাইছে৷ বিভিন্ন প্ৰকাৰৰ ভাবুকি প্ৰদান,  প্ৰৱঞ্চনা-চক্ৰান্ত আদিৰে সাধাৰণ লোকৰ মাটি হস্তান্তৰ কৰাৰ যোগেদি পাহাৰ সদৃশ অৰ্থ গঢ়িবলৈ সক্ষম হোৱা এনে ভূ-মাফিয়া বা দালালক গ্ৰেপ্তাৰ কৰা কাৰ্য নিঃসন্দেহে এক আদৰণীয় পদক্ষেপ৷ যোৱা ৭ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অতিৰিক্ত উপায়ুক্ত(ৰাজহ), চক্ৰ বিষয়া আৰু চক্ৰ বিষয়া(সংলগ্ন)ৰ ৰাজ্যিক সন্মিলনত ভূমি সম্পৰ্কীয় কাম-কাজসমূহ জনসাধাৰণৰ বাবে উজু কৰি দীৰ্ঘদিন ধৰি চলা দালালৰাজৰ অৱসান ঘটাবলৈ সকলোকে আহ্বান জনাইছিল৷ ৰাজ্যখনত ভূমি কিনা-বেচা কৰা, নামজাৰি কৰা আদিৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি দালালৰাজ চলি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীজনাই বিষয়াসকলক দালালৰাজ বন্ধ কৰিবই লাগিব বুলি সকিয়নী দিছিল৷ ২ অক্টোবৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ‘মিছন বসুন্ধৰা’ প্ৰকল্পৰ পূৰ্বে ভূ-মাফিয়া আৰু ভূ-দালালি বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া আহ্বান নিশ্চয় প্ৰশংসনীয়৷ উল্লেখ্য যে, ‘মিছন বসুন্ধৰা’ ৰ অধীনত মাটিৰ নামজাৰি, নাম শুধৰণি, বিক্ৰীৰ অনুমতি, ভূমিৰ পুনঃবিন্যাস, ভূমি সম্পৰ্কীয় তথ্য-পাতিৰ শেহতীয়া স্থিতি বিষয়সমূহ সামৰি লোৱাৰ প্ৰস্তাৱ ৰখা হৈছে৷

মাটিৰ দালালৰাজ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বান আৰু তাৰ সমান্তৰালভাৱে প্রশাসনে লোৱা তৎপৰতাই আমাৰ দৰে সাধাৰণ নাগৰিকক আহ্লাদিত কৰিছে ঠিকেই, কিন্তু একেসময়তে আমাৰ মনলৈ আহিছে এক সংবেদনশীল প্ৰশ্ন৷ অসম চৰকাৰে সাধাৰণ জনতাৰ স্বাৰ্থত ভূমি দালালৰাজ বন্ধ কৰিব বিচাৰিছে নে আন স্বাৰ্থ আগত ৰাখি এক চমক দিবলৈহে দালাল-গ্ৰেপ্তাৰৰ কামফেৰা কৰিছে! যদিহে অসমৰ লাখ লাখ ভূমিহীন, স্ব-ভূমিৰ পৰা উচ্ছেদিত আৰু যুগ যুগ ধৰি বিধিগত ভূ-অধিকাৰৰ পৰা বঞ্চিত অসমবাসী ৰাইজৰ স্বাৰ্থত অসম চৰকাৰে ভূমি সংস্কাৰ কৰিবলৈ বিচাৰিছে তেন্তে আমাৰ মনত উদয় হোৱা নিম্নোক্ত প্ৰশ্নসমূহৰ বিষয়ত চৰকাৰৰ ফালৰ পৰা সদুত্তৰ কামনা কৰিছো৷

১. আমি মনত ৰখাটো নিতান্তই জৰুৰী যে অসমৰ চুকে-কোণে থকা চক্ৰ বিষয়া, জিলাধিপতি, মহকুমাধিপতিৰ কাৰ্যালয়ত সাধাৰণ ৰাইজে ভূমিপট্টা, নামজাৰি আদিৰ বাবে যি জ্বালা-যন্ত্ৰনা খাব লাগে তাৰ মূল কাৰণেই হৈছে অসমৰ ভূমিৰাজহ বিভাগৰ অস্বচ্ছ কাৰ্য-কলাপ আৰু চূড়ান্ত দুৰ্নীতিখোৰ স্বভাৱ৷ ১৯৬৪ চনৰ পৰা সৰ্বাঙ্গীন কেডষ্ট্ৰেল ছাৰ্ভে(Cadastral Survey) কৰিবলৈ অপাৰগ অসম ভূমি ৰাজহ বিভাগটোৰ অদক্ষতা আৰু অসমৰ্থতাৰ বাবে আজিও অসমৰ বেছিভাগ মাটিত ভূ-জৰীপ হোৱা নাই৷ ইয়াৰ ফলত এক বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে ভূমি জৰীপ কৰি তাৰ নথিভুক্তকৰণ কৰা প্ৰক্ৰিয়াটো ব্যাহত হৈ আছে৷ অসম ভূমি ৰাজহ অধিনিয়ম, ১৮৮৬ ৰ ১৭ নং অনুচ্ছেদ অনুযায়ী ভূমি বন্দোবস্তিয়ে তিনিটা প্ৰক্ৰিয়া সামৰি লয়- ক) জৰীপ আৰু সীমা নিৰ্দ্ধাৰণ খ) ভূমি ৰাজহ নিৰূপণ আৰু গ) ভূমি স্বত্বলিপি বা জমাবন্দী প্ৰস্তুতি৷ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন জিলাত ৩০ বছৰীয়া বন্দোৱস্তি চলি আছে যদিও পূৰ্বতে উল্লেখ কৰাৰ দৰে শেহৰবাৰৰ বন্দোৱস্তিৰ ম্যাদ উকলি যোৱাৰ পাছত, বিগত শতিকাৰ ষাঠিৰ দশকৰ পিছত পুনঃবন্দোৱস্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই৷ যিবোৰ এলেকাত ইতিমধ্যে বন্দোৱস্তি দিয়া হৈছে তাৰ সময়সীমা শেষ হোৱা বছৰত (যদিহে ৩০ বছৰৰ বাবে বন্দোৱস্তি দিয়া হৈছে তেন্তে ২৯তম বৰ্ষত) বা অ-জৰীপ কৰা এলেকা (যিবোৰত কেডষ্ট্ৰেল ছাৰ্ভে কৰা হোৱা নাই) বোৰক কেডষ্ট্ৰেল জৰীপ এলেকাত অন্তৰ্গত কৰি নতুন এলেকাৰ ভূমি বন্দোৱস্তি দিবলৈ হ’লে জিলাধিপতিয়ে এইবিষয়ে অসম চৰকাৰৰ ভূমি লেখা সঞ্চালকক (Director of Land Record, Assam) প্ৰস্তাৱিত কেডষ্ট্ৰেল জৰীপ সম্পৰ্কে এবছৰ আগতে অৱগত কৰাব লাগে৷ এতিয়া যিহেতু এনেধৰণৰ জৰীপ অসম চৰকাৰে কৰিব পৰা নাই সেয়েহে সমগ্ৰ অসমৰ ভূমি প্ৰশাসন হৈ পৰিছে অতি বিসংগতিপূৰ্ণ আৰু সংশোধিত নকৰা তথ্যৰে ভৰা এখন ক্ষেত্ৰ – য’ত প্ৰতিগৰাকী বিষয়া, কৰ্মচাৰীয়ে অহৰ্নিশে এনে আসোঁৱাহপূৰ্ণ তথ্যৰ বাবে সাধাৰণ নাগৰিকক যন্ত্ৰণা দিবলৈ সুযোগ লাভ কৰে৷ যিহেতু ভূমি প্ৰশাসনৰ তথ্যবোৰ সময় অনুপাতে সংশোধিত কৰাৰ ইচ্ছা অসম চৰকাৰে আজিকোপতি নেদেখুৱালে সেয়েহে নামজাৰি কৰা, পট্টা সুকীয়া কৰা, একচনীয়া মাটি ম্যাদীকৰণ, ৰায়তী স্বত্ব লাভ কৰা, কাবুলা আৱেদনৰ জৰিয়তে বন্দোৱস্তি লাভ, ভূমি বাটোৱাৰা আদি সমগ্ৰ প্ৰক্ৰিয়াক অতি জটিল ৰূপলৈ ঠেলি দিয়া হৈছে আৰু তেনে এক প্ৰেক্ষাপটত চৰকাৰী প্ৰশাসনৰ জ্ঞাতে অসমৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে অলেখ দালালৰ৷ ৰাজহ বিষয়া, চক্ৰ বিষয়া, লাট মণ্ডল, কাণনগো, ৰাজহ আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ সাধাৰণ কৰ্মচাৰী-কেৰাণী আদিৰ মুকলি পৃষ্ঠপোষকতাত এই বিষয়া কৰ্মচাৰীসকলৰ সহযোগত অসমত ভূ-মাফিয়া আৰু দালালৰ সৃষ্টি হৈছে৷ এইসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ভূ- দালালৰাজ অৱসান কৰাটো অসম্ভৱ বুলি ক’ব পাৰি৷

২. দালালৰাজৰ পূৰ্ণ অৱসানৰ বাবে মুখ্যমন্ত্ৰীয়ে ‘মিছন বসুন্ধৰা’ নামজাৰি, নাম শুধৰণি, বিক্ৰীৰ অনুমতি, ভূমিৰ পুনঃবিন্যাস আদি অনলাইন ব্যৱস্থাৰে নিষ্পত্তি কৰা হ’ব বুলি কৈছে৷ কিন্তু প্ৰশ্ন হৈছে- ভূমি জৰীপ সম্পূৰ্ণ নকৰিলে এনে এক অনলাইন ব্যৱস্থা কেনেদৰে সম্ভৱ? অসমৰ লাখ লাখ লোকে কবুলা আৱেদনযোগে চৰকাৰী ভূমিত ভূমিপট্টা পাবলৈ আৱেদন কৰাৰ আজি বহু দশক অতিক্ৰম হ’ল৷ একেদৰে অসম (অস্থায়ীভাৱে বন্দোৱস্তি এলেকা) ৰায়তী আইন, ১৯৭১ৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত কৃষক ৰায়তী ভূমিস্বত্ব লাভৰ বাবে আৱেদন কৰিলে ঠিকেই, কিন্তু সেইবোৰ আৱেদন আজিলৈ নিষ্পত্তি কৰা নহ’ল৷ একেদৰে ভূমি ধাৰণ কৰা সৰ্বোচ্চ সীমা নিৰ্দ্ধাৰণ আইন আদিৰ জৰিয়তে যিবোৰ মাটি অধিগ্ৰহণ কৰা হৈছিল সেই মাটিৰ ৰায়তসকলক বন্দোৱস্তি দিয়া নহ’ল আৰু এতিয়াও হাজাৰ-বিজাৰ লোক তেনে বন্দোৱস্তিৰ প্ৰত্যাশাত ভোগ দখল কৰি আছে৷ একেই দুৰৱস্থা বন অধিকাৰ আইন, ২০০৬ৰ প্ৰয়োগৰ ক্ষেত্ৰতো দেখা গ’ল৷ সেয়েহে আমাৰ প্ৰশ্ন হৈছে অসম চৰকাৰে দালালৰাজ অন্ত কৰাৰ নামত তৎপৰতা দেখুৱাই নিষ্পত্তি নোহোৱা উল্লেখিত ভূমি বিষয়বোৰত নিমাত হৈ ৰব নেকি?

৩. মুখ্যমন্ত্ৰীজনে জনতাক আশ্বাস দিছে যে ভূমি বাটোৱাৰা আৰু নামজাৰিৰ সমগ্ৰ বিবাদ অহা মে’ মাহ অৰ্থাৎ এইখন চৰকাৰৰ প্ৰথমটো বাৰ্ষিকীৰ আগত নিষ্পত্তি কৰিব৷ মুখ্যমন্ত্ৰীজনে পুনৰাই কৈছে যে যিবোৰ গাঁৱত আজিলৈ কেডষ্ট্ৰেল ছাৰ্ভে কৰা হোৱা নাই সেইবোৰত অতি সোনকালে এনে জৰীপ সম্পূৰ্ণ কৰাৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ এতিয়া প্ৰশ্ন হ’ল বিগত কেইবাদশক ধৰি অসম ভূমি ৰাজহ অধিনিয়মৰ ৫৩-এ (53-A)  নং অনুচ্ছেদত উল্লিখিত ক্ষেত্ৰভিত্তিক নামজাৰিৰ দায়িত্ব অৱহেলা কৰি কেৱল অনলাইন ব্যৱস্থাৰে নামজাৰিৰ ব্যৱস্থা কৰে তেন্তে বহুতো বিসংগতি আৰু দুৰ্নীতিৰ সূত্ৰপাত ঘটিব পাৰে৷ আমি জানো যে নামজাৰি কৰিবলৈ এজন ব্যক্তিৰ মাটি এটুকুৰাৰ ওপৰত দুটা অধিকাৰ থকাটো নিতান্তই প্ৰয়োজনীয়৷ এই দুটা বিষয় হৈছে- (১) দখল আৰু স্বত্ব৷ যদি নামজাৰিৰ আৱেদনকাৰীৰ মাটিৰ স্বত্ব নাথাকে তেন্তে কেৱল দখল থকাৰ জোৰত তেওঁ উক্ত মাটিত নিজৰ নামজাৰি কৰিবলৈ নোৱাৰিব৷ ৰাজহ কৰ্তৃপক্ষই কেৱল মাটিৰ দখল থকাৰ ভিত্তিত স্বত্ব পৰীক্ষা নকৰাকৈ এজন লোকৰ নাম পঞ্জীয়ন বা জমাবন্দীত অন্তৰ্ভুক্ত কৰিব নোৱাৰে৷

গতিকে অসমৰ সকলো প্ৰকাৰৰ ভূমি নথি ডিজিটেলাইজ কৰি এক স্বচ্ছ ভূমি প্ৰশাসন গঢ় দিবলৈ অসম চৰকাৰে প্ৰাথমিক স্তৰৰ অলেখ কাম কৰিবলৈ বাকী আছে৷ অসমৰ ভূমি ৰাজহ প্ৰশাসনৰ আন্তঃগাঁথনিৰ উন্নয়ন, ভূ-জৰীপৰ বাবে যথাযথ সা-সৰঞ্জাম যোগান আৰু সৰ্বোপৰি দুৰ্নীতিমুক্ত এচাম বিষয়া-কৰ্মচাৰীৰ সৃষ্টি কৰিব নোৱাৰিলে মাটিৰ দালালৰাজ অব্যাহত থাকিব বুলিয়েই ক’ব পাৰি৷

 

লেখকৰ ই-মেইলঃ kishorassam@gmail.com  

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam land policyassam live 24axom live 24himanta biswa sharmaland settlementmission basundhara
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?
জীৱনশৈলী

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

June 19, 2026
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?
বিশ্ব

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

June 19, 2026
Next Post
কামাখ্যা দেৱালয়ত দুর্গা পূজা কোন দিনা কিমান সময়ত হ’ব ?

কামাখ্যা দেৱালয়ত দুর্গা পূজা কোন দিনা কিমান সময়ত হ’ব ?

আজি জাতিৰ পিতাৰ ১৫২ সংখ্যক জন্মজয়ন্তী

আজি জাতিৰ পিতাৰ ১৫২ সংখ্যক জন্মজয়ন্তী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.