অসম লাইভ ২৪ঃ মুম্বাই চেণ্ট্ৰেল ৰে’লৱে ষ্টেচনত মুকলি কৰা হ’ল ভাৰতৰ প্ৰথমখন POD Hotel৷ ভাৰতীয় ৰে’লবিভাগে মুকলি কৰিছে এইখন অনন্য সুবিধাসম্পন্ন হোটেল৷ বুধবাৰে ভিডিঅ’ কনফাৰেঞ্চযোগে হোটেল উদ্ধোধন কৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী দাদাৰাও পাটিল দানৱেই৷ ৰে’লবিভাগে সদৰী কৰা তথ্য অনুসৰি POD Hotelখনত আছে ৩টা ভিন্ন শাখাৰ ৪৮টা পড ইনভেণ্টৰি৷ ৩০টা উন্নতমানৰ পড, ৭টা পড কেৱল মহিলাৰ বাবে আৰু ১০ টা ব্যক্তিগত পড যিসমূহ বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে নিৰ্মাণ কৰা হৈছে৷ অত্যাধুনিক সা-সুবিধাসম্পন্ন এই পডসমূহ ১২ ঘণ্টাৰ বাবে ৯৯৯ টকা আৰু ২৪ ঘণ্টাৰ বাবে ১৯৯৯ টকাকৈ পৰিশোধ কৰিব লাগিব এগৰাকী ব্যক্তিয়ে৷ ৱাই-ফাই, লকাৰ আদি ব্যক্তিৰ প্ৰয়োজনীয় সকলো সুবিধা উপলব্ধ এই POD Hotelত৷ ৰে’লযাত্ৰীৰ বাবে অতি সুবিধাজনক এইসমূহ POD Hotel৷ দৰাচলতে POD Hotel হৈছে জাপানৰ সৃষ্ট একপ্ৰকাৰ হোটেল ব্যৱস্থা যি সৰু বিচনাৰ আকাৰৰ একোটা ৰুম৷ যিসমূহক কেপচুল হোটেল নামেৰেও জনা যায়৷ ব্যয়বহুল হোটেলৰ খৰচ বহন কৰিব নোৱাৰা ব্যক্তিৰ বাবে অতি সুবিধাজনক এই POD Hotel৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ