অসম লাইভ ২৪ঃ ‘গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’য়ে শ্বেয়াৰ কৰা এটি বিশেষ ভিডিঅ’৷ ভিডিঅ’টোত এজন ব্যক্তিয়ে এগৰাকী মহিলাক দাঙিছে৷ আৰু সেইবাবেই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ব্যক্তিগৰাকীয়ে৷ শুনিবলৈ সাধাৰণ যেন লগা এক অসাধাৰণ কাম কৰিছে ব্যক্তিগৰাকীয়ে৷ কাৰণ এণ্টানাছ ক্ৰ’ষ্ট্ৰিমাছ নামৰ ব্যক্তিগৰাকীয়ে নিজৰ দাড়িৰ জৰিয়তে দাঙিছে ৬৩.৮০ কিলোগ্ৰাম ওজনৰ এগৰাকী মহিলাক৷ সম্প্ৰতি ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে প্ৰভাৱশালী ব্যক্তিগৰাকীৰ সেই ভিডিঅ’৷ নিজৰ দাড়িৰে সৰ্বাধিক ওজন দাঙিবলৈ সক্ষম হোৱাৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হৈছে এণ্টানাছ ক্ৰ’ষ্ট্ৰিমাছৰ৷
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ