অহা ১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ খোল খাব বিদ্যালয়সমূহ৷ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ পূৰ্বৰ দৰে নিৰ্ধাৰিত সময়সূচী অনুসৰি নিয়মীয়াকৈ অনুষ্ঠিত হ’ব পাঠদান৷ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে ঘোষণা কৰিছে এই কথা৷ অভিভাৱকৰ অনুমতি সাপেক্ষেহে শিক্ষাৰ্থীসকল উপস্থিত থাকিব শ্ৰেণীকোঠাত৷
উল্লেখনীয়ভাৱে, কোভিডৰ তৃতীয় ঢৌ অৰ্থাৎ অমিক্ৰণৰ সংক্ৰমণৰ ঘটনা দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, তামিলনাডুতেই সৰ্বাধিক৷ তেনে পৰিপ্ৰেক্ষিতত নিয়মীয়া পাঠদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্তই চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















