• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
    মে-দাম-মে-ফী

    মে-দাম-মে-ফী

5 years ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

14 minutes ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

44 minutes ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

1 hour ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

10 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

11 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

11 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

12 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

13 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

13 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

14 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

14 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

    মে-দাম-মে-ফী

editor by editor
January 31, 2022
in অসম, গুৱাহাটী
0
    মে-দাম-মে-ফী
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

                                                                                                                মে-দাম-মে-ফী

 

আজি পবিত্ৰ মে-দাম-মে-ফী৷ পূৰ্বপুৰুষৰ সোঁৱৰণত তাই আহোমসকলে পালন কৰে মে-দাম-মে-ফী৷

১২২৮-১৮২৬ খ্ৰীষ্টাব্দলৈকে প্ৰায় ছশ বছৰ নিৰৱছিন্নভাৱে আহোম স্বর্গদেউসকলে অসমত ৰাজত্ব কৰি অসম বুৰঞ্জীত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰি থৈ গৈছে। এই দীঘলীয়া কালছোৱাত অনেক জয়-পৰাজয়, ঘাত-প্ৰতিঘাত, সন্ধি-বিগ্ৰহ, মিত্ৰতা-শত্ৰুতা, বিনিময়-সংগ্ৰহ আদিৰ যোগেদি তেওঁলোকে গঢ়ি তুলিছিল বৰ অসম আৰু বৃহৎ অসমীয়া জাতি।

মে-দাম-মেফি। আহোম যুগৰ এক ধর্মীয় সামাজিক উত্‍সৱ পৱিত্ৰ মে-দাম-মে-ফী। এই উত্‍সৱ তাই আহোমসকলে পূর্বপুৰুষসকলক স্মৰণ কৰা পূজা। মে-দাম-মে-ফীৰ অর্থ হ’ল- মে মানে তৰ্পণ বা উপাসনা, দাম মানে পূর্বপুৰুষ বা মৃতক আৰু ফী মানে দেও বা দেৱতা। এই পূজাৰ জৰিয়তে উপৰি পুৰুষৰ পৰা নিজৰ লগতে সমাজ তথা দেশৰ মংগলৰ বাবে জন-মিং (আশীর্বাদ) বিচৰা হয়। তাই আহোমসকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে বিশ্বাস কৰে যে দাম মানে হ’ল মৃতক আৰু মৃতকক উত্তৰ পুৰুষে তিনি ভাগত উপাসনা কৰে। ক্ৰমে ন-দাম, ঘাই দাম আৰু চিৰিং দাম। প্ৰথমে ন-দামসকলক স্মৰণ কৰা হয় অৰ্থাৎ যি মৃত্যু হৈছে দ্বিতীয়তে ঘাই দামসকলক স্মৰণ কৰা হয় অৰ্থাৎ পূৰ্বপুৰুষ আৰু তৃতীয়তে চিৰিং দামৰ অৰ্থ হ’ল ফী অৰ্থাৎ ভগৱান। জনশ্ৰুতি মতে ঘাই দামসকল আৰু চিৰিং দামসকলৰ মাজত সমন্ধ থাকে সেয়ে ন-দাম অৰ্থাৎ নতুন মৃতকসকলক আমি পূজা কৰিলে ঘাই দামসকলৰ ওচৰলৈ যায় তাৰপিছত যেতিয়া লাহে লাহে ঘাই দাম হয় তেতিয়া শেষত লাহে লাহে চিৰিং দাম হয় অৰ্থাৎ ফী( ভগৱান) হয়। মানে উত্তৰ-পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁ দেৱতাৰ শাৰীলৈ উন্নীত হয়। মুখে মুখে প্ৰচলিত আছে যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ পূৰ্বপুৰুষসকল সোণৰ জখলাত উঠি নামি আহিছিল আৰু সোণৰ জখলাত উঠিয়েই স্বৰ্গলৈ যায়,  অৰ্থাৎ ন দাম ,ঘাই দাম আৰু চিৰিং দাম যিটো ক্ৰমানুসাৰে গৈ ফী (ভগৱান) হোৱাৰ বিশ্বাস আছে তাকেই সোণৰ জখলাত বগাই যোৱা বুলি কোৱা হয়। ইয়াৰ উপৰিও ঘৰত বিয়া-বাৰু, বিহু আদি উত্‍সৱত আৰু খেতি চপাই ন-খাওঁতে তাই আহোমসকলে পূর্বপুৰুষসকলক সুঁৱৰি পূজা কৰে। এনে পূজাক “মৃতকক দিয়া পূজা” বুলি কোৱা হয়। জনা মতে এই অনুষ্ঠান ভাগ পোন প্ৰথমে আৰম্ভ কৰিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লেখক দেওধাই-মহন-বাইলুংসকলে। এই পূজা প্ৰতিবছৰৰ ৩১ জানুৱাৰীত পালন কৰা হয়। এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন শৰাই পাতি তেওঁলোকৰ আদি লেংদন দেৱতা প্ৰমুখ্যে আঠজন ফিক উপাসনা কৰে। এই পূজাত ফু-ৰা-তা-ৰা অথবা নিৰাকাৰ ভগৱানক প্ৰার্থনা কৰা হয়। মে-দাম-মে-ফীত প্ৰধানকৈ স্বৰ্গদেউসকলৰ আদিপুৰুষ লেংদনকে ধৰি আঠজন দেৱতাক পূজা আগবঢ়োৱাৰ উপৰিও স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ প্ৰতিও পূজা আগবঢ়োৱা হয়। এই আঠজন দেৱতা হ’ল –

১/খাওখাম ( জলাধিপতি )

২/আই লেং দিন ( পৃথিৱীৰ অধিপতি )

৩/ ফা-নুৰু লেং দন ( উপৰিপুৰুষ বা স্বৰ্গৰ অধিপতি )

৪/ লাংকুৰি (পৰ্বতৰ দেৱতা )

৫/ জান-চাই-হুং ( সৰ্বাধিকৰ্তা বা দেওসকলৰ গুৰু )

৬/ চিত-লাম-চাম ( প্ৰাকৃতিক দুৰ্যোগৰ গৰাকী )

৭/  জাছিংফা (বিদ্যাৰ অধিকাৰী )

৮/ মুট-কুম তাই-কুম ( তাপ-পোহৰৰ অধিকাৰী।

৯/ চাও ফি দাম ( স্বৰ্গদেউ চাওল্যুং চ্যুকাফা )

মে-দাম-মে-ফী যদিও তাই আহোমসকলৰ পূজা, ইয়াত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগিতা আগবঢ়াব পাৰে। সেই আদৰ্শ স্বয়ং স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই দেখুৱাই গৈছে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমি স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই দেখুওৱা আদৰ্শৰে বৰ অসমৰ ভেঁটি অটুট ৰাখিব পাৰোঁ৷

 

পংকজ দেওধাই ফুকন

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24me dam me phi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা
অসম

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

August 8, 2026
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!
অসম

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

August 8, 2026
Next Post
বন্ধ থাকিব ৰে’ল সেৱা; ১০ ফেব্ৰুৱাৰী পৰ্যন্ত ৰে’ল সেৱা বাতিল ভাৰতীয় ৰে’লৱে’ৰ

বন্ধ থাকিব ৰে’ল সেৱা; ১০ ফেব্ৰুৱাৰী পৰ্যন্ত ৰে’ল সেৱা বাতিল ভাৰতীয় ৰে’লৱে’ৰ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ দিন ঘোষণা, নাহৰকটীয়াত অনুষ্ঠিত হ’ব অধিৱেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ দিন ঘোষণা, নাহৰকটীয়াত অনুষ্ঠিত হ’ব অধিৱেশন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.