অৱশেষত বেইজিং ২০২২ শীতকালীন অলিম্পিকৰ শুভ উদ্ধোধনী আৰু সামৰণি অনুষ্ঠান বৰ্জন কৰিব বুলি ঘোষণা কৰিছে ভাৰতে৷
বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে ঘোষণা কৰিছে যে আগন্তুক ২০২২ বৰ্ষৰ বেইজিং শীতকালীন অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানত ভাৰতীয় ৰাষ্ট্ৰদূতে অংশগ্ৰহণ নকৰে৷
চীনে শীতকালীন বেইজিং অলিম্পিকৰ শুভ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানক ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে৷
চীনে অলিম্পিক শিখা বাহকৰূপে গালৱান উপত্যকাৰ সংঘৰ্ষত ভাৰতীয় সৈন্যক আক্ৰমণ কৰা চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিৰ এগৰাকী কামাণ্ডাৰক বাছনি কৰাৰ প্ৰতিবাদতে ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷
উল্লেখ্য যে ২০২০ বৰ্ষৰ ১৫ জুনত লাডাখ সীমান্তৰ গালৱান উপত্যকাত দুয়ো দেশৰ সেনাৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ গৰাকী জোৱান নিহত হৈছিল৷
উক্ত মুখামুখি সংঘর্ষত চীনা সৈন্য ৰেজিমেণ্টেল কামাণ্ডাৰ কুই ফাবাৱেও ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল৷ ২ ফেব্ৰুৱাৰিত চীনে এই সেনা কামাণ্ডাৰজনকে শীতকালীন বেইজিং অলিম্পিকৰ শিখা বাহক ৰূপে বাছনি কৰাৰ কথা ঘোষণা কৰিছে৷
ইয়াৰ পিছতে ভাৰতে শীতকালীন বেইজিং অলিম্পিক ২০২২ৰ শুভ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানত ভাৰতীয় ৰাষ্ট্ৰদূতে বৰ্জন কৰিব বুলি ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















