• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীতকালত এইসমূহ যোগাসন কৰক আৰু শৰীৰৰ অলসতা দূৰ কৰক

শীতকালত এইসমূহ যোগাসন কৰক আৰু শৰীৰৰ অলসতা দূৰ কৰক

5 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

5 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

5 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

6 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

6 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

7 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

7 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

7 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

8 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

9 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

11 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

11 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

শীতকালত এইসমূহ যোগাসন কৰক আৰু শৰীৰৰ অলসতা দূৰ কৰক

editor by editor
February 3, 2022
in অসম, স্বাস্থ্য
0
শীতকালত এইসমূহ যোগাসন কৰক আৰু শৰীৰৰ অলসতা দূৰ কৰক
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে শীতকালত আমাৰ শৰীৰৰ অলসতা বৃদ্ধি পায়৷ ইমানেই নহয়, শীতকালত হাত, ভৰি, কঁকালকে আদি কৰি শৰীৰৰ বিভিন্ন অংশত জঠৰতাও বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷

ইফালে শীতকালত টোপনিৰ পৰা সাৰ পোৱাৰ পিছতো বিচনা ত্যাগ কৰিবলৈ মন নাযায়৷ এলাহে আগুৰি ধৰে৷

কিন্তু তলত উল্লেখ কৰা আসনসমূহ কৰিলে শীতকালৰ এই অলসতা আৰু জঠৰতাসমূহৰ পৰা উপশম পোৱা যায়৷

১. ত্রিকোণাসন

শীতকালত হাত, ভৰি, কঁকাল আদি বিষৰ পৰা উপশম লাভ কৰিবলৈ এই আসন হৈছে অতি ফলপ্ৰসু আসন৷ এই আসন অৰ্থাৎ ব্যায়ামে হজমী ক্ষমতাও বৃদ্ধি কৰে৷ আৰু লগতে ইয়ে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও মুক্তি দিয়ে৷

কেনেকৈ কৰিব?

প্ৰথমে আপুনি দুয়োখন ভৰি পৃথক কৰি পোনকৈ থিয় হ’ব। এইবাৰ দুয়োফালে আপোনাৰ হাত দুখন মেলি দিয়ক। তাৰপিছত শৰীৰটো বাওঁফালে বেঁকা কৰক আৰু বাওঁহাতেৰে বাওঁ ভৰিৰ আঙুলি স্পৰ্শ কৰক। সোঁহাতখন একেবাৰে পোন কৰি আনটোৰ ফালে ৰাখিব। আঁঠু দুটা ভাঙিব নালাগে। এনেকৈ দহলৈ গণনা কৰক। এইবাৰ দুয়োখন হাত চিধাকৈ ৰাখি পোনকৈ থিয় হওঁক। সোঁহাতেৰে সোঁভৰিৰ আঙুলিটো একেধৰণে স্পৰ্শ কৰক। এই আসন তিনিবাৰকৈ কৰক।

২. ভুজঙ্গাসন

এই আসনে আমাৰ শৰীৰত তেজৰ প্ৰৱাহ সক্ৰিয় কৰি ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও ই আমাৰ শৰীৰৰ শক্তি বৃদ্ধি কৰে, বিশেষকৈ কঁকালৰ। শৰীৰৰ নমনীয়তাও বৃদ্ধি কৰে। গতিকে শীতকালৰ অলসতা আঁতৰি যায়।

কেনেকৈ কৰিব?

প্ৰথমে তলমূৱাকৈ শুই লওক। এতিয়া আপোনাৰ ভৰি দুখন আৰু কপাল মাটিত স্পৰ্শ কৰিবলৈ দিয়ক। ভৰি দুখন একেলগে ৰাখিব যাতে গোৰোহা দুয়োটা লাগি থাকে। এইবাৰ আপোনাৰ হাত দুখন কান্ধৰ ওচৰত ওলোটাকৈ ৰাখক। নিশ্চিত কৰিব যাতে কিলাকুটি দুটা সমান্তৰাল থাকে। হাত দুখন ওপৰত নিৰ্ভৰ কৰি আপোনাৰ শৰীৰৰ ওপৰৰ অংশ আগলৈ তুলি লওক। কঁকাল উঠাব নালাগে। দহলৈ গণনা কৰক আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক। অলপ সময় ৰৈ ৰৈ তিনিবাৰ এই আসন কৰক।

৩. শলভাসন

এই আসনে আমাৰ স্নায়ু আৰু পেশীবোৰ সক্ৰিয় ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও ই আমাৰ কান্ধ আৰু ডিঙিৰ শক্তি বৃদ্ধি কৰে।

কেনেকৈ কৰিব?

প্ৰথমে তলমুৱাকৈ শুৱক। ইয়াৰ পিছত আপোনাৰ থুঁতৰিৰে মাটিত স্পৰ্শ কৰক। ভৰি দুখন প্ৰসাৰিত কৰক আৰু গোৰোহা দুটা স্পৰ্শ কৰক। আপোনাৰ হাতদুখন উৰুৰ ওলোটাকৈ ৰাখক। এইবাৰ প্ৰথমে বাওঁ ভৰিখন পোন কৰক আৰু ইয়াক অলপ ওপৰলৈ উঠাওক আৰু পাঁচলৈ গণনা কৰক আৰু ইয়াক তললৈ নমাই আনিব। একেদৰে সোঁভৰিখন ওপৰলৈ উঠাওক আৰু ইয়াক তললৈ নমাই আনিব। এইবাৰ, দুয়োখন ভৰি একেলগে দাঙক। দহলৈকে গণনা কৰক আৰু ভৰিদুখন তললৈ নমাই আনিব। একেৰাহে তিনিবাৰ এই আসনো কৰক।

৪. পশ্চিমোত্তাসন

পিঠি, হেমষ্ট্ৰিঙ আৰু মূৰৰ বিষৰ বাবে এই আসন যথেষ্ট উপকাৰী৷

কেনেকৈ কৰিব?

আপোনাৰ ভৰি দুখন আগলৈ আনি লওক। এইবাৰ আপোনাৰ হাত দুখন দুয়োফালে মেলি শৰীৰটো লাহে লাহে ভৰিৰ আগলৈ ঠেলি দিয়ক। ইয়াৰ পিছত ভৰিৰ তলুৱা স্পৰ্শ কৰিবলৈ চেষ্টা কৰক আৰু মূৰটো আঁঠুৰ ওপৰত ৰাখিব। পাঁচৰ পৰা দহবাৰ দীঘলকৈ উশাহ লোৱাৰ পিছত আপুনি কঁকাল, হেমষ্ট্ৰিঙত টান অনুভৱ কৰিব। এইদৰে আপুনি তিনিবাৰমান কৰক৷

নিয়মীয়াকৈ এই আসনসমূহ কৰিলে শীতকালৰ অলসতাৰ পৰা আপুনি মুক্তি পাব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
ৰাজনীতিকৰণৰ অভিযোগ: বেইজিং অলিম্পিকৰ অনুষ্ঠান বৰ্জন কৰিব ভাৰতে

ৰাজনীতিকৰণৰ অভিযোগ: বেইজিং অলিম্পিকৰ অনুষ্ঠান বৰ্জন কৰিব ভাৰতে

AIMIM প্ৰধান আছাদুদ্দিন ওৱেছীলৈ গুলীচালনা : কথমপি প্ৰাণৰক্ষা ওৱেছীৰ

AIMIM প্ৰধান আছাদুদ্দিন ওৱেছীলৈ গুলীচালনা : কথমপি প্ৰাণৰক্ষা ওৱেছীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.