গুৱাহাটীৰ বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাই লৈছে নতুন মোৰ। এতিয়াও অব্যাহত আছে বৰা চাৰ্ভিছস্থিত বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য। এই ঘটনাৰ মাজতে নাহৰকটীয়াৰ পৰা ঘনকান্ত গগৈৰ ভাই-বোৱাৰীয়ে আগবঢ়োৱা বক্তব্যই নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।
ভাই-বোৱাৰীৰ ভাষ্যৰ পৰাই পোহৰলৈ আহিছে পুনৰ নতুন তথ্য। হোটেলখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ ফলতেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। আনকি, ৭জন লোকে ঘনকান্তক আগুৰি ধৰি আক্ৰমণ কৰাৰ লগতে তেওঁৰ মূৰ ফাটি যোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।
‘৭ জনে আগুৰি ধৰি আক্ৰমণ কৰিছিল ঘনকান্তক’
ঘনকান্ত গগৈৰ ভাই-বোৱাৰীৰ ভাষ্য অনুসৰি, ঘটনাৰ সময়ত ৭জন লোকে ঘনকান্তক ঘেৰি ধৰি আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ ফলত তেওঁৰ মূৰ ফাটি গৈছিল বুলিও দাবী কৰিছে পৰিয়ালৰ সদস্যগৰাকীয়ে। পৰিস্থিতি এনে পৰ্যায় পাইছিল যে ঘনকান্তই নিজৰ জীৱনক লৈ শংকিত হৈ পৰিছিল। তেওঁ ফোন কৰি নিজৰ প্ৰাণ ৰক্ষাৰ বাবেই গুলীচালনা কৰা বুলি জানিবলৈ দিয়ে। তেওঁ নিজকে ৰক্ষা কৰিবলৈ চেষ্টা নকৰা হ’লে আক্ৰমণকাৰীসকলে তেওঁক মাৰি পেলালেহেঁতেন।
১০ বছৰৰ বাবে হোটেলখন লীজত লৈছিল ঘনকান্তই!
ভাই-বোৱাৰীৰ বক্তব্যত হোটেলখনৰ লীজৰ বিষয়টোও বিশেষভাৱে উত্থাপিত হৈছে। তেওঁৰ দাবী অনুসৰি, ঘনকান্ত গগৈয়ে ১০ বছৰৰ বাবে হোটেলখন লীজত লৈছিল। কিন্তু লীজ চুক্তি সম্পন্ন হোৱাৰ মাত্ৰ এবছৰৰ ভিতৰতে চুক্তি বাতিল কৰিবলৈ বিচৰাক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হয়।
এই চুক্তি বাতিলৰ বিষয়টোক লৈ দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা হোৱা বুলি দাবী কৰা হৈছে। ক্ৰমান্বয়ে পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ ফলতেই অৱশেষত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালৰ সদস্যগৰাকীৰ বক্তব্যৰ পৰা জানিব পৰা গৈছে।
উল্লেখ্য যে, নিজৰ সুৰক্ষাৰ বাবেই অনুজ্ঞাপত্ৰ থকা পিষ্টল লগত লৈ ফুৰিছিল ঘনকান্তই। ভাই-বোৱাৰীয়ে জনোৱা মতে ঘটনাৰ পিছতে পল্টনবজাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
ইপালে ঘনকান্ত গগৈৰ ব্যক্তিগত জীৱনক লৈও ভাই-বোৱাৰীয়ে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তেওঁৰ ভাষ্য অনুসৰি, ঘনকান্তই দুগৰাকীকৈ বিয়া কৰাইছিল।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















