দিনক দিনে বিশ্বত হৃদৰোগৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এনে সময়ত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ প্ৰতি মানুহৰ সতৰ্ক হোৱাটো নিন্তাতই উচিত৷
হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ এক মুখ্য কাৰণ হৈছে শৰীৰত বৰ্ধিত বেয়া কলেষ্টেৰল। বেয়া কলেষ্টেৰলে ৰক্ত নলীবোৰত প্লেকৰ পৰিমাণ বৃদ্ধি হৈ জমা কৰি ৰক্ত নলী সংকীৰ্ণ কৰি পেলাব পাৰে৷ ফলত ইয়ে শৰীৰৰ ৰক্ত সঞ্চালনত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।
ইয়াৰ ফলত ই শৰীৰৰ অন্যান্য অংশকো প্ৰভাৱন্বিত কৰি অন্য গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে৷ যেনে উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আৰু হাৰ্ট এটেক। গতিকে আমি শৰীৰৰ কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাতো অতি জৰুৰী৷
আমি কেনেকৈ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিম? ঘৰুৱা উপায়েৰেও কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি৷ আদা খাই আমি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰো৷
কিন্তু আদা কেনেকৈ খাব? তলত তাৰ বিষয়ে সংক্ষিপ্তকৈ উল্লেখ কৰা হৈছে৷
১. নেমু আৰু আদা চাহ
নেমু আৰু আদা খালে আমাৰ শৰীৰ বিভিন্ন প্ৰকাৰে সুফল লাভ কৰে। অধিক তৈলাক্ত মচলাৰে আহাৰ গ্ৰহণ কৰিলে বেয়া কলেষ্টেৰল বৃদ্ধি কৰিব কৰে। এই ক্ষেত্ৰত নেমু আৰু আদাৰ চাহে বৰ্ধিত বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।
২. আদা গুৰি
আপুনি আদা গুৰিও খাব পাৰে। আদা গুৰি আপুনি বিভিন্ন ধৰণেৰে খাব পাৰে৷ শুকান কৈ, পানীত মিহলি কৰি, অথবা আহাৰ গ্ৰহণৰ সময়তো আদাৰ গুৰি খাব পাৰে৷
৩. আদা পানী
আদা পানী খালেও কলেষ্টেৰল হ্ৰাস কৰাত সহায়ক হয়। আপুনি আহাৰ গ্ৰহণ কৰাৰ পিছত মাত্ৰ আধা কাপ আদা পানী খাব। সতেজ আদাখিনি গৰম পানীত ১০ ৰ পৰা ২০ মিনিটৰ বাবে উতলাই ল’ব। তাৰ পিছত আদা পানীখিনি চাকি লৈ কেৱল পানী খিনি চাহৰ দৰে খাব।
৪. আদা, নহৰু আৰু নেমুৰ জোল
আদাৰ দৰে, নহৰুৱেও কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে। এক কাপ পানীত আদা আৰু নহৰু দি উতলাই ল’ব। তাৰ পিছত ইয়াৰ পানীখিনি চেকি লৈ তাত দুই টোপাল নেমুৰ ৰস যোগ দি খাব।
৫. খাদ্য খোৱাৰ পিছত আদা চোবাওক
আপুনি আদা চুবাইও খাব পাৰে। আপুনি আদাৰ টুকুৰা এটা মুখত ভৰাই ল’ব। আৰু ইয়াক শিলিখা খোৱাৰ লাহে লাহে চুবাই খাব৷ এইদৰে খালেও শৰীৰত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















