এটা অতি দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে৷ প্ৰেমিকৰ চকুৰ সন্মুখতে ম’ব লিঞ্চিঙত মৃত্যু হৈছে এগৰাকী যুৱকৰ৷
এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগত৷ কলকতাৰ বাৰুইপুৰ বিধানসভা সমষ্টিৰ অন্তগৰ্ত বেগমপুৰ গাঁও পঞ্চায়তৰ ২০০ নম্বৰ কলনীত এই নাৰকীয় কাণ্ড সংঘটিত হৈছে৷
আৰক্ষীয়ে ঘোষণা কৰা ঘটনাৰ বিৱৰণী অনুসৰি যুৱকজনে প্ৰেমিকাৰে বাইকত নৈশ ভ্ৰমণ কৰিছিল৷ নৈশ ভ্ৰমণ কৰি থকাৰ সময়েত তেওঁলোক ঘটনাটো সংঘটিত ঠাইত উপস্থিত হৈছিল৷
স্থানীয় লোকে প্ৰেমিক-প্ৰেমিকা হালক আৱদ্ধ কৰি প্ৰেমিকক চোৰ বুলি শাৰীৰিকভাৱে আক্ৰমণ কৰে৷ স্থানীয় লোকৰ মতে উক্ত অঞ্চলত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে চুৰি কাণ্ড সংঘটিত হৈ আছিল৷
স্থানীয় লোকে যুৱকজনক লেম্পপোষ্টত বান্ধি প্ৰহাৰ কৰিবলৈ ধৰে৷ আৰক্ষীয়ে খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে৷ আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ মুমূৰ্ষ অৱস্থাত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বে যুৱকজনৰ মৃত্যু ঘটে৷ চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে৷ মৃত যুৱকজনৰ নাম আবিক মুৰ্খাজী বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে যে, প্ৰেমিকাৰ চকুৰ সন্মুখতে এদল উন্মত্ত লোকৰ হাতত এগৰাকী নিৰীহ যুৱকে প্ৰাণ হেৰুওৱায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ