ৰাজ্যৰ নিবনুৱাসকললৈ এক ডাঙৰ খবৰ কঢ়িয়াই আনিছে ৰাজ্যচৰকাৰে।ৰাজ্য চৰকাৰে তৃতীয়-চতুৰ্থ বৰ্গৰ বৃহৎ সংখ্যক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে৷
শনিবাৰে চৰকাৰে সৰ্বমুঠ ২৬,৪৪১টা খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে । ১ লাখ নিযুক্তিৰ এক অংশ হিচাপে শনিবাৰে Assam State Recruitment Commission-এ জাননী যোগে দুখনকৈ বিজ্ঞাপন প্ৰকাশ কৰিছে৷
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আয়োগে এই বিজ্ঞাপন প্ৰকাশ কৰিছে৷ ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা হৈছে ১৩,১৪১ টা আৰু চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা ১৩,৩০০টা।
লগতে পঢ়ক ‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক
প্ৰাৰ্থীসকলে ১১ এপ্ৰিল ২০২২ চনৰ পৰা আৰম্ভ হ’বলগীয়া আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইনৰ মাধ্যমেৰে কৰিব লাগিব৷ আবেদনৰ অন্তিম তাৰিখ ৩০ মে, ২০২২।
চতুৰ্থ বৰ্গৰ পদত অষ্টম শ্ৰেণী অৰ্হতাৰ বাবে মুঠ পদ হৈছে ৯,০০০টা আৰু মেট্ৰিক উত্তীৰ্ণৰ বাবে মুঠ পদ ৪,৩০০টা। আনহাতে তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা হৈছে ৮,৩৩১টা। ইয়াৰ ভিতৰত আছে একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেন’গ্ৰাফাৰ।
এই পদসমূহৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কমেও ৬ মাহৰ কম্পিউটাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব।
লগতে পঢ়ক প্ৰথম দিনাই অথন্তৰ! আমেৰিকাত ভাৰতীয় ছবি RRRৰ মাত্ৰ প্ৰথম অংশহে প্ৰদৰ্শন, কিন্তু কিয়?
ইফালে ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদ ৩,৬৯০টা। এই পদসমূহৰ প্ৰাৰ্থীসকলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব।
আনহাতে ড্ৰাইভাৰৰ মুঠ পদৰ সংখ্যা হৈছে ১,১২০টা। এই পদৰ প্ৰাৰ্থীসকলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব।
সাধাৰণ শ্ৰেণী, OBC, MOBCৰ প্ৰাৰ্থীসকলে আবেদনৰ মাচুল দিব লাগিব সৰ্বোচ্চ- ৩৫০ টকা। আনহাতে ST, SCৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল সৰ্বোচ্চ ২৫০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ