এইবাৰ দ্য কাশ্মীৰ ফাইলছক লৈ কৰা এক মন্তব্যৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ওভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷
উল্লেখ্য যে বিজেপি দল শাসিত ৰাজ্যসমূহত দ্য কাশ্মীৰ ফাইলছক কৰমুক্ত কৰাৰ পিছতে দিল্লীৰ এগৰাকী বিজেপি বিধায়কে দিল্লী বিধানসভাৰ বাজেট অধিবেশনৰ মাজতে ছবিখন দিল্লীতো কৰমুক্ত কৰাৰ দাবী জনাইছিল৷
ইয়াৰ প্ৰত্যুত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে যদি ছবিখনক কৰমুক্তই কৰিব লাগে তেনে বিবেক অগ্নিহোত্ৰীয়ে ছবিখন ইউটিউভত আপলোড কৰিলেই হ’ল৷ তেতিয়া একেদিনাই দেশৰ জনতাই ছবিখন চাব পাৰিব৷
লগতে পঢ়ক ধৰিত্ৰী ঘণ্টা! ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ আজি নিশা বিদ্যুতৰ ছুইচ বন্ধ কৰক
দিল্লীৰ মুখ্যমন্ত্ৰী অৰিবন্দ কেজৰিৱালে এইদৰে দ্য কাশ্মীৰ ফাইলছক কৰ ৰেহাই দিয়াৰ বিৰোধিতা কৰাই নহয়, কাশ্মীৰৰ পণ্ডিতৰ নামত ছবি নিৰ্মাণ কৰি শ শ কোটি কোটি টকা উপাৰ্জন কৰা প্ৰসংগটোকো উত্থাপন কৰে৷
দিল্লী মুখ্যমন্ত্ৰীগৰাকীয়ে দ্য কাশ্মীৰ ফাইলছৰ বিৰুদ্ধে এনে অৱস্থান লোৱাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অৰবিন্দ কেজৰিৱালৰ এই সংক্ৰান্তীয় ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমত কাশ্মিৰী পণ্ডিতসকলক কৰি অহা নিৰন্তৰ উপহাস বন্ধ কৰিবলৈ কেজৰিৱালক আহ্বান জনাইছে৷
লগতে পঢ়ক ‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক
‘‘যদি আপুনি দ্য কাশ্মীৰ ফাইলছ কৰ-মুক্ত কৰিব নিবিচাৰে, নকৰিব। কিন্তু কাশ্মিৰী পণ্ডিতসকলক কৰা এই নিৰন্তৰ উপহাস বন্ধ কৰক। তেওঁলোকৰ দুখ-কষ্ট ধৰ্মনিৰপেক্ষতাবাদীসকলৰ এনে নিঃকিন মনোভাৱ আৰু তোষণৰ ৰাজনীতিৰ ফল।’’ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লিখিছে৷
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে যে হিন্দুসকলৰ ঘাঁত নিমখ ঘঁহিবলৈ বিধানসভা ব্যৱহাৰ কৰাটো এজন মুখ্যমন্ত্ৰীৰ বাবে উচিত হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















